পৃষ্ঠা:Su swasthyar aadhar.pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯. চতিয়না Alstonia scholaris (Apocynaceae) ইয়াৰ মূলৰ বাকলি তিনিৰ পৰা ছয় গ্রাম ৫০০ মি.লি. পানীৰ লগত উতলাই সিজাই খালে সঘনাই হােৱা মেলেৰিয়া জ্বৰ, পেটৰ বিষ, হাপানি, ঘা, আদি ৰােগ উপশম হয়। গা-গছৰ পৰা মেলেৰিয়া প্ৰতিৰােধক দ্রব্য প্রস্তুত কৰা হয়। যকৃত জনিত ৰােগৰ বাবে ই এবিধ উত্তম ঔষধ। ইয়াৰ গােটেই গছডালক গুড়ি কৰি একৰ পৰা তিনি গ্রাম অনিয়মিত শৌচ, ভােকনলগা, পেটফুলা, পেটৰ অসুখ আদি ৰােগত ব্যৱহাৰ কৰা হয়। ১০. কালমেঘ Endrographis paniculata (Acanthaceae) ১১. তুলসী পাতৰ ৰস ২ ৰ পৰা ৪ চামুচ সম পৰিমানৰ মৌৰ Ocimum sanctum (Lamiaceae)| লগত খালে কাহ, হাপানি, চর্দি, মেলেৰিয়া ক্রিমি আদি ৰােগৰ উপশম হয়। ছালৰ বিভিন্ন ৰােগত - খৰ, খজুৱতি আদিত পাতৰ ৰস ২ ৰ পৰা ৪ চামুচ খােৱাৰ উপৰিও ক্ষতস্থানত লগাব পাৰি। ৰামতুলসীও তুলনামূলক ভাৱে একে গুণৰে অধিকাৰী। ১২. বৰ্মানিমুনি, সৰু মানিমুনি শিশুৰ মাত ওলােৱা পলম হলে মানিমুনি পাতৰ ৰস Centela asiatica (Apiacae) একচামুচ কুহুমীয়া গৰমপানী, ১ ৰপৰা ২ চামুচ মৌ আৰু গৰুৰ ঠাণ্ডা গাখীৰৰ লগত কিছুদিন খােৱালে সােনকালে মাত ওলায়। দুয়ােবিধ মানিমুনি স্মৃতিবর্ধক আৰু স্নায়ুৰ টনিক হিচাপে উপকাৰী। ইয়াৰ বাবে ২ ৰ পৰা ৪ চামুচ ৰস প্রতিদিনে সেৱন কৰিব লাগে। মানিমুনি পাতৰ ৰস ২ ৰ পৰা ৪ চামুচ সম পৰিমানৰ মৌ, হালধিৰ ৰস, আমলখিৰ ৰস বা গাখীৰৰ লগত খালে জণ্ডিচ ৰােগৰপৰা উপশমপাবপাৰি। ১৩. পদিনা পদিনাৰ ৰস ঘাঁ, আচোৰ খােৱা, শালমন ওলােৱা Mentha piperita (Lamiceae) আদিত লেপ দিলে সুফল পায়। পেটফুলা, ভােক নলগা, মূত্ৰৰােগ আদিৰ বাবে পদিনাৰস ১ ৰ পৰা ২ চামুচ প্রতিদিনে সেৱন কৰিব লাগে। পদিনা শাকবা চাটনি হিচাপে খােৱাৰ অভ্যাস কৰিব লাগে।