পৃষ্ঠা:Su swasthyar aadhar.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫. পিপ্পলি/পিপ্পলি মুল Piper longum (Piperaceae) ৬. সর্পগন্ধা Rauwlfia serpentina (Apocinaceae) পিপ্পলি/পিপ্পলি মুলৰ গুড়ি ৫০০ মি.লি. গ্রামৰ পৰা এক গ্রাম মৌ আৰু সৈন্ধৱ লৱনৰ লগত মিহলাই চেলেকি খালে কাহ, হাপানি, পানীলগা জ্বৰ বাতবিষ, বদহজম, পেটফুলা আদিত সুফল পায়। বাত বিষ আৰু ককালৰ বিষত পিপ্পলিৰ গুড়ি ৫০০ মি.লি. গ্রামৰ পৰা এক গ্রাম গৰুৰ মূত্র আৰু এৰা তেলৰ লগত নিত্য সেৱন কৰিলে। উপশম হয়। ইয়াৰ মূল উচ্চ ৰক্তচাপ, অনিদ্রা আদি ৰােগত মূখ্যত ব্যৱহাৰ কৰা হয়। সর্পদংশন জনিত বিষবেদনাত ইয়াৰ লেপন কৰিলে উপশম পােৱা যায়। একৰ পৰা দুই গ্রাম সর্পগন্ধা মূলৰ গুড়ি উচ্চৰক্তচাপত প্রতিদিনে সেৱন কৰিব লাগে। অনিদ্রা তিনিৰ পৰা ছয় গ্ৰম ৰাতি শুৱাৰ সময়ত আৰু সর্পদংশনত সম পৰিমানৰ জালুকৰ লগত খাবলৈ আৰুদংশন স্থলন লেপ দিয়া হয়। কাহ আৰু হাপানীৰ বাবে ইয়াৰ পাতৰ ৰস দুইৰ পৰা চাৰি চামুচ, আদাৰ ৰস একৰ পৰা দুই চামুচ, সৈন্ধৱ নিমখ আৰু মৌৰ লগত মিহলাই খাব লাগে। নাক আৰু মুখৰ পৰা তেজ ওলালে ইয়াৰ পাতৰ ৰস দুইৰ পৰা চাৰি চামুচ মৌৰ লগত মিহলাই সেৱন কৰিলে ৰক্তস্রাৱ বন্ধ হয়। গৰ্ভৱতীয়ে প্রথম ৫ মাহলৈ ইয়াক সেৱন কৰাতাে অনুচিত। ঘৰতে পােৱা তিতাফুলকো আমি একে ধৰণেব্যৱহাৰ কৰিব পাৰাে। ই ছাল আৰু হৃদৰােগত মহৌষধ। ইয়াক ৬ৰ পৰা ১২ গ্রাম, গৰুৰ গাখীৰ ২০ ৰ পৰা ৫০ মি.লি. ৰ লগত উতলাই সিদ্ধ কৰি উচ্চৰক্তচাপ আৰু যিকোনাে হৃদজনিত ৰােগত সেৱন কৰিলে সুফল পােৱা যায়। গাখীৰৰ লগত সিদ্ধ কৰি উচ্চৰক্তচাপ আৰু যিকোনাে হৃদজনিত ৰােগত সেৱন কৰিলে সুফল পােৱা যায়। ৭. বাহক Adhatoda basica (Acanthaceae) ৮. অর্জুন। Terminalia arjuna (Combretaceae)