পৃষ্ঠা:Su swasthyar aadhar.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১. আমলখি Emblica officinalis (Euphorbiaceae) ২. শিলিখা Terminalia chebula (Combretaceae) ৩. আদা (কেচাঁ শুকান) Zingiber officinale (Zingiberaceae) এইফল ত্রিফলৰ এক উপাদান,ইভিটামিন চিৰ এটা উৎকৃষ্ট উৎস। ইয়াক স্মৃতিবর্ধক, অকালতে চুলি পকা, চুলিসৰা, চকুৰ দৃষ্টি শক্তি হ্রাস, নাকৰ পৰা তেজ ওলােৱা, জণ্ডিচ, ডায়েবেটিছ আৰু প্ৰসাৱৰ বিকাৰত ব্যৱহাৰ হয়। কেচা আমলখিৰ ৰস দুই পৰা চাৰি চামুচ বা শুকান আমলখিৰ গুড়ি তিনি পৰা ছয় গ্রাম প্রতিদিনে সেৱন কৰিব পাৰি। এই বিধ ফলও ত্রিফলাৰ এক অনবদ্য উপাদান। শুকান শিলিখা গুড়ি কৰি তিনিৰ পৰা ছয় গ্রাম মাত্ৰাত কৌষ্ঠ কাঠিন্য, জণ্ডিচ, কৃমিৰােগ, অর্শ, কেচুমূৰীয়া আদি ৰােগত ৰাতি শুৱাৰ সময়ত এগিলাছ গৰম পানীত তিনিৰ পৰা ছয় গ্রাম মিহলাই সেৱন কৰিলে সুফল পায়। ইগৰ্ভাৱস্থাত সেৱন যােগ্য নহয়। বাতবিষ বা বিষজনিত ৰােগৰ ইয়াৰ কন্দ মহৌষধী কাহ, পানীলগা, হাপানী, মুৰবিষ, জ্বৰত আদাৰ ৰস একৰ পৰা দুই চামুচ সম পৰিমানৰ মৌৰ লগত খালে উপকৃত হয়। শুকান আদাৰ গুড়ি একৰ পৰা দুই গ্রাম সমপৰিমানৰ গুড়ৰ লগত খালে ভােক নলগা, হজমশক্তি বঢ়োৱা, বমিভাৱ, হিকটি আদি কমি যায়। খােৱাত অৰুচি হলে ভােজনৰ পূর্বে এটুকুৰা আদা সৈন্ধৱ নিমখৰ লগত চোবাই খালে ৰুচি আহে। আদাৰ ৰস অনুপান হিচাপেও বিভিন্ন ৰােগত ব্যৱহাৰ হয়। জালুকৰ গুড়ি ৫০০ মি.লি.গ্ৰামৰ পৰা একগ্রাম মৌ আৰু ঘিউৰলগত (অসমান মাত্রাত) সেৱন কৰিলে কাহ আৰু শ্বাস-প্রশ্বাস জনিত ৰােগ, বদহজম, অর্শ আদি ৰােগত সুফল পােৱা যায়। দীর্ঘদিনীয়া সেৱনৰ ফলত মেলেৰিয়াৰ পৰা উপশম পাব পাৰি। কীট-পতংগ দংশন স্থানত ইয়াৰ লেপন কৰিলে সুফল পােৱা যায়। জালুকৰ গুড়ি ৫০০ মি.লি. গ্রামৰ পৰা এক গ্রাম, সমপৰিমানৰ কালজিৰা আৰু মৌৰ লগত মিহলাই প্রতিদিনে সেৱন কৰিলে মেলেৰিয়াৰপৰাউপশমপাব পাৰি। ৪. জালুক Piper nigrum (Piperaceae) ১১৯