পৃষ্ঠা:Su swasthyar aadhar.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গ্রহণী ৰােগৰকাৰণ ক) অত্যাধিক পানী সেৱন - যধে মধে অত্যাধিক পানী সেৱন কৰিলে পেটৰ পৰিপাক প্রক্রিয়াৰ বিশংগতি হয়। অগ্নি অথাৎ পাঁচক ৰস সমূহ হ'ল আগ্নেয় প্ৰকৃতিৰ । জুইত পানী ঢালিলে যেনেকৈ জুইকুৰা নুমাই যায়। ঠিক তেনেকৈ অত্যাধিক পানী সেৱনে পেটৰ অগ্নি দুর্বল কৰে যাৰ ফলত হজম ঠিক নহয় আৰু বিষাক্ত আমৰ প্রাদুভাৱ হয়। খ) অভােজন(ভােজনকমকৈ কৰিলে)। গ) অজীর্ণত ভােজন – আগৰ খাদ্য হজম নহওতেইপুনৰ খাদ্য গ্রহণ কৰা। গুৰু ভােজন খােৱাৰ মাজত কমেও ছয়। সাত ঘণ্টামান বিৰতি হব লাগে। ঘ) অতি ভােজন - অত্যাধিক ভােজন কৰিলে সম্যক পৰিমাণত ক্ষতি হােৱা পাঁচক ৰসে খাদ্য সমূহ। সঠিকভাৱে পৰিপাক কৰিব নােৱাৰে । যাৰ ফলত আমৰ সৃষ্টি হয়। ঙ) অসাত্ম ভােজন - শৰীৰৰ প্রতিকূল খাদ্য গ্রহণ কৰা তথা যিবােৰ খাদ্য অপকাৰী তেনেবােৰ খাদ্য সেৱন কৰা চ) অতি গুৰু ভােজন, অতি শীত ভােজন, অতি শুকান খাদ্য, সংক্রমিত খাদ্য সেৱন। ছ) চিকিৎসা বিভ্রাট - চিকিৎসকৰ হাতত উচিত চিকিৎসা নাপালে বা চিকিৎসাৰ পার্শ্বক্ৰিয়াৰ ফলটো আমাৰ সৃষ্টিহব পাৰে। জ) দেশ অনুপাতে খাদ্য গ্রহণ নকৰা - প্রকৃতিয়ে আমাৰ শৰীৰ সুস্থ কৈ ৰাখিবলে আমাৰ আশে পাশে বিভিন্ন ফল-মূল, শাক-পাচলি, খাদ্য দ্রব্যৰ যােগান ধৰি আহিছে। বর্তমান বিশ্বয়ানৰ যুগত অন্য ঠাইৰ খাদ্য আমাৰ ওচৰতে উপলব্ধ যি আমাৰ শৰীৰৰ কাৰণে উপযােগী নহয় আমাৰ বসতি স্থান অনুসৰি। উদাহৰণ স্বৰূপে গৰমৰ দিনত বিলাহী, বন্ধকবি, গাজৰ আদি খােৱা তথা ঠাণ্ডাৰ দিনত জিকা, ভােল আদি খােৱা মানেই আমৰ প্রাদুভাৱ হয়। ঝ) কাল অনুসৰি ভােজন নকৰা। যিকোনাে খাদ্য যিকোনাে সময়ত খাব নােৱাৰি। দিন ৰাতি তথা সময় অনুসৰি খাদ্য তালিকা ভিন্ন। ইয়াৰ বিশংগতিয়ে পাচন প্রক্রিয়াত প্ৰভাৱ পেলায়। এ) বেগ ধাৰণ - উগাৰ, হাচি, বায়ু, মূত্র প্রবৃত্তি, মল প্রবৃত্তি ইত্যাদি হৈছে। নিয়মিত বেগ। এনে বেগ ধাৰণ কৰিলেও গ্রহণী ৰােগ হ'ব পাৰে। গ্রহণী ৰােগৰ লক্ষণ ১। খােৱা খাদ্য হজম নহ'ব। কেতিয়াবা পনীয়া পাইখানা হ’ব। আকৌ কেতিয়াৱা কোষ্ঠবদ্ধতাহ’বপাৰে। ২। খাদ্য খােৱাৰ পিছত পেটকামােৰনি হৈ শৌচ হ'ব পাৰে। ৩। খােৱা খাদ্য পৰিপাক নােহােৱাৰ ফলত পেটটো ফুলি থাকিব পাৰে। ৪। হজম নােহােৱা ধৰণৰ টেঙা বা তিতা উগাৰআহিব পাৰে। ৫। ইয়াৰােপৰি বাতিক গ্রহনীত ঘনাই ঘনাই কম মাত্ৰাত শৌচ হােৱা, পৈত্তিক গ্রহনীত ভিন্নৰঙৰ শৌচ হােৱা, কফজ গ্রহনীত বেছিপৰিমানে কফ যুক্ত শৌচ হােৱা, ত্রিদোষ গ্রহনীত ওপৰােক্ত আটাইবােৰ লক্ষণ ৮২