পৃষ্ঠা:Su swasthyar aadhar.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পােৱা ঘটিযন্ত্র গ্রহনীত অতি শব্দ কৰি অকন শৌচ হােৱা, সংগ্রহ গ্রহীত আকৌ বহুদিনলৈ কোষ্ঠ বদ্ধতা হৈ এদিন অত্যাধিক শৌচ হােৱা আদি লক্ষণ পােৱা যায়। ৬। বর্ধিত অৱস্থাত ৰােগীজন ক্ষীনাই যাব, শৰীৰ ফুলিব পাৰে, হাঁড়ৰ বিষ তথা জ্বৰত ভুগিব পাৰে আৰু বহুদিনলৈ এই ৰােগত ভুগি থাকিলে মানসিক চাপ বৃদ্ধি হৈ (IBS) নামৰ আন এবিধ ৰােগত ভুগিব পাৰে। পৰিত্ৰাণউপায় ওপৰত উল্লেখ কৰা এই ৰােগৰ কাৰণ সমূহ পৰিত্যাগ কৰিলেই গ্রহণী ৰােগৰ পৰা মুক্ত হ'ব পাৰি। খাদ্য খাওঁতে সাৱধান হৈ চলিলে কোনােদিনেই এনে ৰােগত ভুগিব লগা নহয়। ইয়াৰােপৰি মানসিক ভাৱে সবল ব্যক্তিয়েও এনে ৰােগত নুভূগে। চিকিৎসা ১। গ্ৰহণী ৰােগত যদি দোষ পেটত থকা বুলি গম পােৱা যায় তেন্তে ৰােগীজনে পােন প্রথমে খােৱা খাদ্য কিছু পৰিমানে কমকৈ খাব লাগে যাক লঙঘন বা লগুণ বুলি কোৱা হয়। এনে কৰিলে পেটৰ অগ্নি তথা পাঁচক ৰস পয্যাপ্ত পৰিমানে নিঃসৰিত হৈ হজম প্রক্রিয়া সঠিক কৰি তােলে। ২। কেতবােৰ বনৌষধিয়ে অগ্নি বৃদ্ধি বৃদ্ধিত সহায় কৰে। যাক দীপন পাচন ঔষধি বুলি কোৱা হয়। যেনে- আদা, জালুক, পিপ্পলী, হিং, চিত্ৰক আদি। এনে দ্রব্যৰ গুৰি চিকৎসকৰ পৰামর্শ মতে গ্ৰহণ কৰিব পাৰে। ৩। ইয়াৰৰােপৰি কেতবােৰ বনৌষধি এই ৰােগৰ মহৌষধ। যেনে কূটজ গছৰ ছালৰ গুৰি ছয় গ্রামকৈ দিনত দুবাৰ খাব পাৰে। বেলৰ ফলৰ ৰস বা চূর্ণ, অহি ফেন, জীৰা, অজ ৱাইন, ইচ্ছবগল আদি ঔষধি দ্রব্য অতি উপযােগী। ৪। ইয়াৰৰােপৰি চিত্ৰকাদি বটী, কুবেৰাক্ষাদী বটী, গ্রহনিকপাত ৰস, পিজুছবল্লী ৰস, নৃপতি বল্লভ ৰস, কূটজাৰিষ্ট, জীৰকাদ্যৰিষ্ট আদি বিভিন্ন আয়ুর্বেদিক ঔষধি উপলদ্ধ। যিকোনাে আয়াের্বেদিক চিকিৎসকৰ পৰামৰ্শ লৈ গ্রহণী ৰােগ নির্মূল কৰিব পাৰি।