সমললৈ যাওক

পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

82. মঞি খোচ নামী পোৱা মঞ্জিৰাৰ জন্ম পৰগণা বম্বৰৰ্ত্ত ম্যাঙ্গে বন্দবস্ত কৰিলে। মঞি ঠাকুৰীয়াগণে সহিত ৰায়তৰ খাজানা তহুচীল কৰাই, সৰকাৰে দাখিল কৰাই, সৰকাৰী সকল কৰ্ম্মৰ আঞ্জাম দিছিলোঁ ৷৷ ১৩১ ৷৷ ও প্রেমর্টন সাহেব ভোটান্তে যোৱাত, ৰচদ কুলীৰ আঞ্জাম দিয়াত খোচ্নামী পৰৱানা প্ৰাপ্ত হৈছিলোঁ ৷৷ ১৩২ ৷৷ কিন্তু গৌৰীকান্তক হাজো পৰগণায় পঠাও হয়, লৰামানুহ । এহেতু তেওঁৰ লগত সহায় হবৰ কাৰণে কামুৰাম শৰ্ম্মা বৰদেউৰী পুৰুহিতকে দেৱলীয়া চৌধাৰী মকৰৰ কৰি পৰৱানা দিলোঁ । তেওঁ ঠাকুৰীয়াহঁতৰ দ্বাৰা খাজানা লৈ গৌৰীকান্তক দিয়ে। তেওঁ মোৰ পাশ পঠাই দিয়ে। পৰে সৰকাৰে দাখিল কৰো ৷ এইমতে চলিছিল ৷৷ ১৩৩ || আৰো এই সনৰ অগ্ৰায়ণ মাহৰ ১০ দিন যোৱাত গৌৰীকান্তৰ দুহিতৃ এটী জন্ম হয় । নামাকৰণ কৰণে মঞ্জীৰা নাম দিয়া হল ॥১৩৪৷ তদপৰ শীতকাল প্রবেশ হোৱাতে ডালটীন সাহেব কালেক্টৰেৰ সহিত মপস্বল ভ্ৰমণ কৰি ফুৰিছিলোঁ। এওঁ সাহেব অতি পৰিশ্ৰমী আছিল ৷৷ ১৩৫ ৷ ৬। দুৰ্য্যোগ । ১৭৬৭ শক, ১২৫২ সন, ১৮৪৫/৪৬ ইংরেজী। এই সনেও জিন্‌কিঞ্চন কমিচনৰ ও মিথি সাহেব ডিপুটী কমিচনৰ । ও ডালটীন সাহেব কালেক্টৰ । এওঁ সাহেব গত সনৰ নিৰিথমতে পৰগণাসকল ৩৫ সনা ম্যাদে বন্দবস্ত কৰিলে । ও হাজে। পৰগণাও গৌৰীকান্ত সহিত ও সনা ম্যাদে বন্দবস্ত । ও কামুৰাম শৰ্ম্মা দেৱলীয়া চৌধাৰী খাজানা তহুচীল কৰি মোৰ পাশ পঠায়। মঞি সৰকাৰে দাখিল কৰি, সকল বিষয়ৰ লেঠা মাৰি আছিলোঁ। ১৩৬ ৷ অতঃপৰ এই সনৰ আষাৰ মাহৰ ১৭ দিন যোৱাত ৰবিবাৰ