সমললৈ যাওক

পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সদৰামীনৰ অাত্মজীৱনী শিবপূজা কৰি অশ্বক্ৰান্তত জমা হৈ পূৰ্ব্ব মত দাসদাসী ব্রহ্মোত্তৰ বহাল ৰাখাৰ প্ৰার্থনায় ১০০০ একহাজাৰ কেতা দরখাস্ত জিনকিঞ্চন কমিচনৰ সাহেবৰ হুজুৰে দাখিল কৰাতে কিছো হুকুম নিদিলে ॥ ১২৭ ॥ আৰো এই সনৰ মাঘ মাহতে সৌমাৰ পীঠত তামুলী ফৰিঙ্গ ও কামৰূপত ব্ৰাহ্মণক কুলী ধৰি আলিৰ কৰ্ম্ম উজায় । কৰায় ৷৷ ১২৮ ৷৷ আৰু এই সনৰ মাঘ মাহতে জেলা তেজপুৰৰ গৰ্ডন সাহেব কালেক্টৰ, অকা ডফলাক, ফি নামে বৎসৰ বেতন ২০ টাকা দেওৱাৰ বন্দবস্ত কৰি চাৰি দুৱাৰৰ পঁচা গুচালে ॥ ১২৯ ॥ গোলাম বান্দী ৰাখিবৰ বাবদ দৰখাস্ত তামুলী ফজি 83 @ 1 - ন] म । ১৭৬৬ শক, ও ১২৫১ সন, ১৮৪৪ ৪৫ ইংরেজী । এই সনেও জিনকিঞ্চন কমিচনৰ ও মিথি সাহেব ডিপুটী কমিচনৰ ও ডালটীন সাহেব কালেক্টৰ ৷ এওঁ ডালটীন সাহেব, মঞি, শম্ভু বাগচী, শৰ্ম্মণ চেৰস্তাদাৰ, সাহেবৰ লগত দক্ষিণ কুলে যাই, দক্ষিণ সৰু বংশৰ পৰগণাৰ হীৰাপাৰাত থাকি, ৰায়তৰ সহিত ১০ সনা ম্যাদে বন্দবস্ত কৰা যায় ৷ অথচ পাট্টাৰ পিঠিত লিখি দিয়া যায় যে তোষি ১০ বৎসৰলৈ মাটি ইস্তফা দিব নোৱাৰিবা। আৰো যত মাটি বেচিকৈ ভাঙ্গিবা, তাৰ খাজানা দশ বৎসৰ সৰকাৰে অথবা চৌধাৰী লব নোৱাৰিব । এহাতে মঞি কৈছিলোঁ, যোত্রহীন হলে, ৰায়তে ইস্তাফা দিব নোৱাৰিলে, ৰায়তৰ পক্ষে বিষম হব। সাহেব গ্ৰাহ্য নকৰি, ৰায়তক তলব দি আনি সকল মহৰিৰ দ্বাৰা ঐ মত লিখাই দিছিল । ১০০ আৰু গত সনৰ নিৰিখ মতে পৰাসকল ৩৪ সমা ম্যাে ৰন্দন্ত কৰিলে ও হাজো পৰগণ৷ গৌৰীকান্ত সহিত ও সনা