ৰুদ্ৰেশ্বৰত পাম ধৰা ডকাইতৰ উৎপাত তলীয়া হৈতে ৰুদ্ৰেশ্বৰে অহ। হলকান্তৰ ৰুদ্ৰেশ্ববে আহা সঙ্গৰামীনৰ আত্মজীৱনী ঘৰৰ শম্ভুৰাম বৰুৱা তহুচীলদাৰৰ (১) তাবে মহৰিৰ মকৰৰ হ'ল । এবং জেষ্ট গোপীকান্ত দ্ৰেশ্বৰ সাকিনে বুলন গোলামে দ্বাৰা পাম ধৰি আছিল । আমি ও বিষ্ণুকাস্ত ও গৌৰাকান্ত মাতা সমন্বিতে তলীয়া গ্ৰামতে আছিলোঁ। কিন্তু পৌষ মাহে ডকাইতৰ বৰ ধুম হ'ল। এক রাত্রি, বিষ্ণুকান্ত ও মঙ্গীয়াল ভকত নিদ্ৰা কৰিবৰ নহল। (২) তামাম ৰাত্ৰি হাতত লাঠি লৈ ঘূৰি আছিলো। অতি ভয় পোৱা হৈছিল । প্রাতঃকাল হোৱাতে আমাৰ মাতৃ ও বৰ আই ধীৰ, ভকত সহিত পৰামৰ্শ কৰি, “ইয়াত থকা ভাল নহয়, ৰুদ্ৰেশ্বৰৰ পামে শীঘ্ৰে যাব লাগে” বুলি, আমাক ও বিষ্ণুকান্তক পঠোৱাত, খচকিতে সিন্দুৰী ঘোপা চকীয়েদি আহি, ৰুদ্ৰেশ্বৰত জেষ্ট গোপীকান্তত বৃতান্ত কোৱাতে, তেওঁ সকল কথা যোগেশ্বৰ সৰুজনা ন-গোসাঞী ব্ৰহ্মপুত্ৰৰ কিনাৰ উত্তৰ পাৰে থাকাতে কহিবা মাত্রে, উঠি আহিবৰ কাৰণে দুই হাতী দিলে ৷ তাকে লৈ সেই দিনে যাই ১৭৫৭ শকৰ ফাগুন মাহে মাতৃ প্রভিতি সকলো উঠি আহি ৰদ্ৰেশ্বৰৰ গড়ৰ পূব ফালে দুইটা ঘৰতে থকা হ'ল। কৃষ্ণকান্ত বৰুৱাৰ পুত্ৰ হলকান্ত প্রভিতি ঐ তলীয়া সাকিণে থাকিল । সেই সময় আমাৰ জেষ্ট শিৱকান্ত ৰহা সাকিনে মহৰিৰ কামতে আছিল ৷৷ ২৩ ৷ তদপৰ আমালোক তলীয়া গ্ৰামৰ পৰা অহা দেখি কৃষ্ণকান্ত বৰুৱাৰ পুত্র হলকান্ত ও ব্রজকান্ত সপৰিবাৰে আহি ৰুদ্ৰেশ্বৰৰ গড়ৰ পূবফালে, আমালোকৰ কাখতে ১৭৫৪ শকে থাকিল । কৃষ্ণকান্ত বৰুৱাও তাতে থাকি গোহাটীত পঞ্চায়তৰ মহৰিৰ কৰ্ম্ম কৰিছিল ৷ ২৪ ॥ ঐ ১৭৫৪ শকৰ *আখেৰিতে আমাৰ জেষ্ট শিৱকান্ত ৰহা চকীৰ পৰা বেমাৰ পৰি অহাত পূৰ্ব্বপাৰ পৰগণাৰ দলমা গাৱঁৰ ধৈমাল ভকতক আনি চিকিৎসা কৰা হৈছিল । ক্ৰমাৎ টোকা— শেহত বা শেষ সময়ত । (১) অধীন (2) গোটেই, সমস্ত
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৫৮
অৱয়ব