আমাৰ দুৰ্দশা তদপৰ আমাৰ উপনয়নৰ কাল হোৱাত ১৭৫০ শকত চৈত্র- মাহে পিতা স্বয়ং উপনয়ন দি ১৭৫১ শকৰ শ্রাবণ মাহে শুক্লা তৃতীয়া তিথিত গ্রহণী বেমাৰে সেই তলীয়া গ্রামে স্বৰ্গী হ'ল । তৎকালে সর্ববজেষ্ট গোপীকান্ত ঘৰত নাছিল। কৰ্ম্মত মকৰৰ হবৰ কাৰণে উজান অঞ্চলে গৈছিল। সহোদৰ জেষ্ট শিৰকান্ত ও বিষ্ণুকান্ত ও আমি প্রভিতি অগ্নিকৰ্ম্মাদি কৰা হৈছিল। জেষ্ট শিৰকান্ত মুখাগ্নি পূর্ব্বক কৰ্ম্ম লৈ অষ্টাদশ দান সমন্বিতে কৰ্ম্ম ও বলদেব শৰ্ম্মা ৰাজখোৱাকে অথচ নাম দান দিয়া হৈছিল । কানুৰাম শৰ্ম্মা বৰদেউৰী পুৰুহিত। সেই সময় গৌৰীকান্ত সৰু আছিল ৷ পিতাৰ কণ্ঠে একটি একমুখী ৰুদ্রাক্ষ আছিল । দাহৰ পৰদিনা মনত পৰাতে জেক্ট শিবকান্ত দাহু স্থান খনন কৰি চোৱাতে, পোৱা নগল ॥ ২০ ॥ কৃষ্ণকান্ত বৰুৱা খুৰা বৰপঞ্চায়তৰ মহৰিৰ হৈ গোহাটীত থাকে। আমিও কোন, কোন, সময় খুৰা সহিত আহি গোহাটীত থকা হয়, পুনৰ তলীয়া গ্রামে যোৱা হয় ৷৷ ২১ ৷৷ তাহাৰ পৰ আমাৰ জেষ্ট শিৱকান্ত ও গোপীকান্ত ১৭৫৩ শকে উজানে যাই মানৰ দিনত থোৱা বস্তুজাত কমলাবাৰী সত্ৰৰ পৰা কিছো আনিলে। এবং বুলন ও বুলাই বন্দী ও জননী বেটী, ও গৰগাওঁৰ পৰা সৰু ঘৰগিৰী ও মগলু খাতৰ পৰা দ্বিণলগা, ত্য ঘৈণীয়েক ও জীয়েক সহিত আনিলে । অন্যস্থানে দ্রব্য বস্তু কিছু নাপালে। মানে নিয়া বুলি সকলোৱে মিছা মাতিলে। সে যাহওক, সৰু ঘৰগিৰী কিছো দিন থাকি, লৰা তিৰোতা সহিতে উঠি আছো বুলি, পুনৰ গৰগাঞে গৈ, নাহিল ॥ ২২ ৷৷ সেই সময় আমালোকৰ কাৰো চাকৰি নাই ৷ প্ৰবৰ্ত্তনৰ কঠিন দেখি শিৱকান্ত জেষ্ট উজান বহা চকীত ষাই দুৱৰীয়া হৰকাৰ উপনয়ন পিতাৰ পৰলোক খুৰা পঞ্চায়তৰ গোহাটীলৈ অহা যোৱা জেষ্টসকলৰ উল্লাসে যোৱা উজানৰ পৰা মাছ चন জেষ্ট তহইলদাৰৰ মহৰি
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৫৭
অৱয়ব