সদৰামীনৰ আত্মজীৱনী গ্ৰহণীমত বেমাৰ বেচি হলত, আমাৰ মাতা প্রভিতি ঐ ভকতে ভূত জপাইছে বুলি ভাবি অত্যন্ত বেস্ত হৈছিল। সেই সময় শ্ৰীকান্ত গঞ্জপুৰীয়া বৰুৱা খুৰাদেউ গোহাটীৰ পৰা সপৰিবাৰে উঠি আহি উত্তৰ পাৰে ব্ৰহ্মপুত্ৰৰ পাৰতে ধৰ কৰি আছিল । তেওঁক মাতি অনাই বৃত্তান্ত সকল কোৱাত, দদাইদেৱে ভকতক অনেক ধমক দিয়াত, ঐ ভকতে চিকিৎসা কৰাত, ক্ৰমাৎ আৰাম হ'ল । সেই স্থানে সকলো একত্রে থকা হৈছিল ॥ ২৫ ॥ আমি বিভক্ত হোৱা শিৰকান্ত জেষ্টৰ বেমাৰ ও আৰাম বিভক্ত উপক্ৰম বিভক্ত হোৱা তদনস্তৰ আমালোকৰ বৰমাতা ধীৰ দেব্যা বিভক্ত হবৰ মনেৰে আমাৰ মাতা সহিত দন্দ-কাজিয়া কৰিবৰ আৰম্ভ কৰিলে । এবং কতেকদিন পৰে বিভক্ত হবৰ কাৰণে খোলোচা কৰি আমাৰ মাতাকে শপত দি কলে । তাতে মাতা বিৰক্ত হৈ আমাৰ জেষ্টক কোৱাতে, “গৌৰীকান্ত সৰু আছে, বিভক্ত নহওঁ” বুলি কোৱাতো, বৰ আই অগত্যা শপত দিয়াতে, মাতৃ কৃষ্ণকান্ত বৰুৱা খুৰাক মাতি আনি, আমাৰ পঞ্চভাইক ১৭৫৪ শকে বিভক্ত কৰি দিলে । তৎকালে গৌৱীকান্ত সৰু আছিল । আমাৰ ত্ৰিভাই অথচ শিৱকান্ত ও আমি ও গৌৰীকান্ত ভাগে কর্ণবালা ১ জোৰ, বাখৰপতা সৰু বিৰি ১ ধাৰ, কাপঘৰীয়া সোণৰ বিৰি ১ ধাৰ, সোণৰ হাৰ ১ ধাৰ, সোণৰ খৰিকা চুঙা পোৱা ১টা, সোণৰ বাখৰামী কেৰু ১ জোৰ আমাৰ তিনি ভাইৰ ভাগত পৰিল। এবং তেওঁলোক অথচ গোপীকান্ত ও বিষ্ণুকান্তৰ ভাগত —সোণৰ জুৰ ১ একজোৰ, ডালিমা ডাঙৰ বাখৰৰ চাবকলি ১ ধাৰ, সোণৰ লোকাপাৰ ১ জোৰ, সোণৰ ৰিৰি ১ ধাৰ পৰিল । অন্য দ্রব্য কি নগদ কিছোমাত্র নাই ৷ আমাৰ ভাগে শঙ্কৰা বন্দী ও বুদাই, ও শিৱকান্ত জেষ্টৰ ৰাতিয়া ও জননী বেটী, গৌৰীকান্তৰ বিপলগা, তক্ষ পন্থি ও জীয়েক। গোপীকান্ত ভাগত বস্তুতি
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৫৯
অৱয়ব