সমললৈ যাওক

পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সদৰামীনৰ আত্মজী সঙ্গে যাবৰ কোৱাত স্বীকাৰ পূৰ্ব্বক পিতা ও জেষ্ট গোপীকান্ত ও খুৰা গ'ল ॥ ৫॥ বুড়াগোহাঞী ডাঙ্গৰীয়া কলিকাতা যাই গৰৰণৰ জেনেৰেল সাহেবত চিপাহীৰ কথা কোৱাত, নিদিলে, ফিৰি আহিল ও আমাৰ পিত! প্রভিতি আহি নন্দবাবুৰ খৰতে থকা হ'ল ৷ তদপৰ ঐ চিলমাৰি সাকিনে বুড়ীমাই, স্বকন্যা ও পেহী অচ্যুতা ভেদবমিত মৃত হল। সেই সময়ত মোৰ অলপ বয়স, কিঞ্চিৎ মাত্ৰ স্মৰণ হয় ৷ ৬ ৰুচিনাখৰ ইংৰাজৰ পৰা সাহায্য ভিক্ষা বিফল হোৱ বংশৰ লোকৰ মৃত্যু ডেভিদ ইস্কাট সাহেবে মান খেদা তদপৰ চন্দ্ৰকান্ত সৰ্গদেৱ মানসহিত লুটপাট কৰি ইংৰাজ বাহাদুৰৰ সীমা হাদিৰাচকীত গোলমাল কৰাত ডেবিড, ইফাট সাহেব কমিচনৰ ফৌজ সহিত আসাম দেশে আহি ১৭৪৩ শকে যুদ্ধ কৰি মানক ঘটোৱালে, এবং চন্দ্রকান্ত ৰাজাক ধৰি চন্দ্ৰকা রয়ে কৰিলে। মান পলাল ॥ ৭॥ পাছে ডেবিদ ইস্কাট কমিচনাৰ সাহেব ক্ৰমে উজাই আহিল । ভগনীয়া মামালোকো ও অন্যান্য ভগনীয়া লোক স্থামস্থানান্তৰ পৰা লোকৰ মাহি পগলা-টেক নামক স্থানে, দক্ষিণপাৰে ব্ৰহ্মপুত্ৰ কিনাৰে বাস কৰা হ'ল ॥ ৮ পাগলা- টেকলৈ 9 ক্ৰমাৎ ভগনীয়া প্রিয়নাথ পৰ্ব্বতীয়া ফোকন ও বালাই কটকি আউনীআটীয়া দ্বিণাই চৰন্ধুৱা ও গুৱাকটা ও বুঢ়াগোহাঞী ডাঙ্গৰীয়া প্রভিতি তাতে বাস কৰিছিল । এক ডাঙ্গৰ গ্ৰাম মত ভগনীয়া লোকৰ হৈছিল । পাচে আমালোক ঐ সাকিনে গ্রাম কিছো শালি খেত এক বৎসৰ কৰা হৈছিল। তাতে আমাৰ মাতৃৰ কুমুদী নামে কন্যা এটা হৈ ফৌত হ'ল । আৰু আষাৰ মাহে বৰ পানী হৈ তল যোৱাত, দক্ষিণ ফালে নাৱেদি গৈ পৰ্ব্বত 'কিনাৰত কয়েকদিন থাকি ভাত খোৱা গৈছিল । তাৰপৰ পুনৰ ও মৃত্যু ঘৰ লোৱাত, আমাৰ ভাতৃ পেনৌ নামক মৃত হয় ও ১৭৪৫ শকৰ কাৰ্ত্তিক মাহৰ ২৩ দিন যোৱাত গৌৰীকান্ত জন্ম হয় ॥ ৯॥ বংশত জন্ম