মৃত্যু ৰুচিনাথ পলায়ন সদৰামীনৰ আত্মজীবনী পূৰ্ণানন্দৰ বেমাৰ আছিল হেতু পুত্ৰ ৰুচিনাথক যুদ্ধ কৰিবলৈ সৈন্য-সামন্ত সহিত পঠালে। এনেতে বুড়াগোহাঞী ডাঙ্গৰীয়া মৃত হল । পুতেক ৰুচিনাথ ডাঙ্গৰীয়া যুদ্ধত ঠাৱৰিব নোৱাৰি হোহকি আহিল। হঠাৎ মান সহিত বৰফোকন আহি যোৰহাট সোমাই ৰাজাক স্থাপন কৰিলে। এবং কচিনাথ ডাঙ্গৰীয়া ভটীয়াই গ'ল । সেই সময়ত বুড়াগোহাঞীৰ ফলীয়া বিষয়াসকল স্থানাস্থান ভটীয়াই গ'ল। কোনোসকলক বুদ্ধি-কৌশলে নি দণ্ড-বন্ধ কৰিলে। সেই সময় দুৱৰাৰ বদনচন্দ্ৰ বৰফোকন প্ৰায় ৰাজা হেন হৈছিল ৷ ২ ৷ চন্দ্রকান্তক স্থাপন বদনচন্দ্র ৰাজা হেন পুৰন্দৰ ৰজা হোৱা চন্দ্ৰান্তৰ কর্ণ ছেদ চন্দ্ৰকান্ত পুনৰ ৰজা হোৱ মানৰ আমল মান আহি ৰাজাক স্থাপন কৰি গ'ল । ৰুচিনাথ ডাঙ্গৰীয়া কতেক দুন্দিয়া চিপাহী ভাঠীৰ পৰা লৈ আহি বৰমুৰা গোহাঞীৰ পুত্র ব্রজনাথ, তৎপুত্ৰ পুৰন্দৰক ৰাজা পাতি ১৭৩৯ শকত চন্দ্ৰকান্ত ৰাজাৰ কৰ্ণছেদ কৰিলে ৷ ৩ ॥ পুনৰ্বাৰ শদিয়াৰ পৰা মান আহি চন্দ্ৰকান্ত ৰাজ্জাক স্থৈর্য্য কৰি, খৰিকাটানা আদি কৰ বহুৱাই দেৱালয় আদিৰ ধন লুটপাট কৰিলে ৷ ১৭৪০ শকৰ চৈত্র মাহে দেশ ভগন হ'ল। এইহেতু মানৰ খৰিকাটানা ৩। ১০।১৯ দিন মানৰ আমল বুলিব লাগে। ঐ আমলে যুদ্ধৰ ৰঙ্গপুৰ খৰচ বুলি ধৰিকাটানা, উত্তম ধৰত এ টকা, মধ্যমত ২ টকা, সামান্যত ১২ টকা, প্রাকৃতত ॥ আনা লগালে । আৰু ছয় আনিত ফিৰা ৯০ আনা লগালে; এহেতু ছয়-আনি পৰগণ। বোশে॥ ৪॥ সেই সময়তে আমাৰ পিতা ও মাতা তিল, আৰু বৰমাত ধীৰ, জেষ্ট গোপীকান্ত ও শিৱকান্ত ও বিষ্ণুকান্ত, ও খুৰা কৃষ্ণকান্ত বৰুৱা তেওঁৰ পৰিবাৰ সহিত একত্রে ভটীয়াই গৈ গোহাটী পাই, তাৰে পৰা ভাঠী ৰঙ্গপুৰ জেলাৰ চিলমাৰি সাকিনে চিলমাৰীত নন্দবাবুৰ ঘৰে থকা । তদপৰ ৰুচিনাৰ বুঢ়াগোহাঞী চিপাহী আনিবৰ মতলবে কলিকাতা যাত্ৰা কৰি আমাৰ পিতাকো
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৫০
অৱয়ব