সমললৈ যাওক

পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মৃত্যু ও ভৌতিক পীড়া সদৰামীনৰ আত্মজীৱনী তদপৰ আমাৰ বৈমাতৃ তিলমতী ঐ পগলাটেক সাকিনে ভাদ্ৰ মাহৰ কৃষ্ণা পঞ্চমীত ফৌত হয়। আমাৰো জ্বৰ ভৌতিক পীড়া হৈ মৃতকল্প হোৱা গৈছিল। নিয়াপী ৰাজখোৱা চিকিৎসা কৰি ভাগ কৰিলে ৷ তখন তখন, মোৰ অল্প অল্প স্মৰণ হয় ৷৷ ১০ ॥ ঐ সাকিনে কান্দুৰা কটকী ফলি দি ক, খ, সিখাইছিল । আষালোক ভটীয়াই যোৱা সময়ত মৰঙ্গীয়াল ভকত অথচ বন্ধু মিলনত গোপীনাথ ভাঠী তীৰ্থ কৰিব গৈছিল। সেই স্থানে আহি লগ লোৱাতে সকলোৰে বৰ আনন্দ হৈছিল ৷৷ ১১ ৷৷ কখ শিকা আনন্দ ডেভিদ ই কাটে উজাই গৈ মানক খেদা শ্যাম ফুকন বন্দী ভগনীয়া লোক উজানে গতি হাজোৰ হুঁ তিগ্রাম লৈ অহা মাতৃবন্ধু- সকলক বিচৰ ইংৰাজে মানক খেদি দেশ লোৱাত, ভগনীয়া লোকৰ উজানে গতি তদনন্তৰ ১৭৪৪ শকত ডেদি ইচ্চাট কমিচনাৰ সাহেব উজ্জাই যাই মানক খেদি দেশ আক্ৰমণ কৰি শ্যাম ফোকনক কয়েদ কৰিলে। এবং ১৭৪৫ শকৰ চৈত্র মাহে, ১২৩০ সন ১৮২৩/২৪ ইংৰাজী মার্চ মাহে কামৰূপ প্ৰবেশ হোৱাতে আমালোক প্রভিতি ভগনীয়া লোকসকল উজানে গতি কৰি ৰৰ্ত্তনা হৈ আহিল ৷ আমালোক ও কৃষ্ণকান্ত বৰুৱা খুৰা সহিত ব্যঙ্গলী জোঙ্গ, নাও একখন কেৰেয়া লৈ উজাই বলীয়া নদীৰ মুখ পোৱা গল ৷ তাতে স্নান লৈ এই নদীদি উজাই গৈ হাজে৷ দেৱালয়* পাই, তাতে হাজো স্মৃতি আছে, সেই স্মৃতিদি গোহাটী যাব পাৰি, তাতে ৰাতি থাকি গোসাঞী সেৱা কৰি উজাই চেঁচামুখ পোৱা হল । এনেতে শুনিলে আমাৰ মাতৃ বন্ধুসকল মানৰ দিনত ভাঙ্গি আহি স্মৃতি গ্রামে আছে। পাচে, তেওঁলোকক দেখা কৰিবৰ কাৰণে পৰদিন প্রাতদে জেষ্ট শিৱকান্তক, লগত গোলামৰ লৰা দুটি সহিত, পঠাই দিলে৷ • মূলত “হাদেৱালয়”