সদৰামীনৰ আত্মজীৱনী তদপৰ মঞি তেতিয়াই মানুহ পঠালোঁ, “অমুকী বিধবা সিপাৰৰ পৰা যদি আহিছে, লৈ আহ।” কিয়খন পৰেই বিধবাক নি উপস্থিত কৰাতে, মঞি সুধিলোঁ,—“তোৰ গৰ্ভ হৈছে বুলি শুনিছোঁ । হয় কি নহয়। যদি হৈছে, কাৰ দ্বাৰা হৈছে, ধৰ্ম্মত কবি। অনাহকত লোকক নষ্ট নকৰিবি। তঞিতো বঞা হ'লি। যি তোৰ দোষী, সত্য কথা ক । তদ্বাৰা তোক জীবদ্দশা প্রযন্ত প্রতিপাল কৰিবৰ উপায় কৰি দিয়াওঁ” ৷৷ বাৰীক সোধা ৮৭ অমুক ৰেখ দোষী স্বীকাৰ তাতে বাঁৰীয়ে আগে কিছু মোড়ামোড়ি কৰি থাকি কলে, “ অমুক বেজেই মোৰ দোষী।” তাতে আমি কলো, “যদি সি দোষী হয়, অবশ্য তাৰ দ্বাৰা তোক লিখাই দিওঁ : জীবদ্দশাতক তোক প্ৰতিপাল কৰি থাকিব।” এই বুলি তাক আনিবলৈ মানুহ পঠালোঁ। বিচাৰি মাজগাঞৰ ( পৰা ) নি উপস্থিত কৰিলে । তাক সোধাত প্রথমে কিছু মোড়ামোড়ি কৰি, শেষে কবুল কৰিলে। তেতিয়াই মঞি কলো, “বিধবাজনী নষ্ট হল ; এতেকে তঞি তাইক জীবদ্দশা প্রষ প্রতিপাল কৰি থাকিবি । তাইক এৰি গলে ১০০ একশ টাকা দিব লাগিব । এইদৰে বাঁৰীক একখন দলীল লিখি দে।” সি সম্মত হোৱাতে তেতিয়াই লিখাই বাঁৰীৰ হাতত দি সকলোকে বিদায় দিলোঁ ৷ ২৭৯ ৷ প্ৰবৰ্ত্তন তদপৰ সদৰামীনে এইকথা শুনি মোক কিছু অনুযোগ কৰিছিল। মঞি কৈছিলোঁ, মোৰ মাটিত আছে, সেই গতিকে, আৰু গোট-জ্ঞাতিৰ ভিতৰ ; এইগতিকেও মঞি সুধিব পাৰোঁ, একাৰণে সোধা গল । সেহেতু একো অশুদ্ধ হোৱা নাই । এতিয়া তেওঁ বাৰীক নিয়াই সুধিব খোজে, সোধক। মঞি মানা নকৰোঁ। এইমত কোৱাতে মনে মনে থাকিল ৷ ২৮০
তদপৰ শ্রীগৌৰীকান্ত ও তথ্য স্ত্ৰীৰ নিতাশু মহীধৰকে মঞ্জীৰাক দিবৰ মনস্থ হোৱাতে ঐ ১২৬১ সমৰ অগ্ৰায়ণ মাহে বিবাহৰ উত্তম কৰি, মহীধৰক বিবাহ, গৌৰীকান্তৰ দ্বাৰা দিয়৷ আৰু বিধিৰাৰ সদৰামী আপত্তি