পৃষ্ঠা:New Testament in Assamese.djvu/২৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১ অধ্যায়। বুৰ ১৫ কিন্তু প্ৰভুএ তেওঁত কলে, তুমি বাট বুলি যোৱা, কিয়নো বিদেশী লোক আৰু ৰজীবিলাক অৰু ইসএলৰ সন্ততিবিলাকৰ অগিত মোৰ নাম প্ৰচাৰ কৰিবলৈ সেই জন মোৰ মনোনীত পাত্ৰ হয়। ১৬ আৰু সি মোৰ নামৰ নিমিত্তে কিমনি বৰ দুঃখ পাবগৈ, ইয়াকে তাক দেখাই দিম। ১৭ তীতে হনানিয়া গৈ ঘৰত সোমাই তেওঁৰ গাত হাত দি বুলিলে, হে ভাই চৌল, তুমি যেন দেখা পোৱা, আৰু পবিত্ৰ আত্মাৰে পূৰ হোৱা, এই নিমিত্তে তুমি অহা কলিত যি প্ৰভু যীশুএ তোমাক দেখা দিলে, তেৰে মোক তো- মাৰ ওচৰলৈ পঠালে। ১৮ ইয়াকে কোৱাতেই তেওঁৰ চকুৰ পৰা বাকলিৰ নিচিনা কেতখনি ওলাই পৰিলত, তেতিয়াই তেওঁ চকুএ দেখা হৈ উঠি দিওৱা হল। পাছে খাই বৈ শক্তিমন্ত হল। ১৯ পাছে চৌল শিষ্যবিলাকে সৈতে দামেচকত দিন চাৰে থাকি, ২৩ পলম নকৰি য়ী যে ঈশ্বৰৰ পুত্ৰ হয়, এই কথা নাম ঘৰবিলাকত কীত্তন কৰিলে। ২১ তাতে সকলো শুনাবিলাকে বিস্ময় মানি কলে, বোলে, যি জনে মিছালমত এই নামেৰে প্ৰাৰ্থনা কৰবিলাকক নাশ কৰিছিলে, অৰুি তেনে মানুহক বান্ধি প্ৰধান পোৰোহিতৰ আগলৈ নিবৰ আশয়েৰে এই ঠাইলৈকো আহিছিল, সেই জন এওঁ নহয় নে? ২২ কিন্তু চৌলে ক্ৰমেৰে উৎসাহ পাই, এই যীশু যে খ্ৰীষ্ট হয়, ইয়াৰ প্ৰমাণ দি দামেচকত থকা য়িহু- দিবিলাকক ঘটালে। ২৩ পাছে অধিক দিন হলত য়িহুদিবিলাকে তেওঁক মাৰি- বলৈ অলিচ কৰিলে, ২৪ কিন্তু চৌলে সিহঁতৰ এই অলিচ বুঝ পালে; আৰু সিহঁতে তেওঁক মাৰিবলৈ দিনে ৰাতি দুৱাৰবোৰত থপি দি থাকিল। ২৫ তাতে শিষ্যবিলাকে বাতিএই তেওঁক লৈ পাচিত ভৰাই, গৰ পাৰ কৰি নমাই দিলে। ২৬ পাছে চৌলে য়িৰুছলিমলৈ গৈ শিষ্যবিলাকৰ লগত মিলি থাকিবলৈ মন কৰাত, সকলোএ তেওঁলৈ ভয় কৰিলে, আৰু তেওঁ যে শিষ্য হয়, তাকে। নপতিয়ালে। ২৭ এই কাৰণে বৰ্ণবাই তেওঁক লৈ পাঁচনিবিলাকৰ আগলৈ অনি, বাটত তেওঁ প্ৰভুক দেখা পোৱতি প্ৰভুএ যেনেকৈ তেওঁৰ অগিত কথা কলে, আৰু যেনে সাহেৰে দামেচকত যীশুৰ নামত কীৰ্ত্তন কৰিছিলে, সেই অটাই কথা সিবিলাকত জনালে। ২৮ আৰু চৌলে সিবিলাকৰ লগত য়িছালমতে অহা যোৱা কৰি, ২৯ যীশুৰ নামত নিৰ্ভয়ে কথা কলে। তাতে বিদেশী য়িহুদিবিলাকে সৈতে বিবাদ হলত, সিহঁতে তেওঁক মাৰিবলৈ উপায় কৰিলে। ৩০ ভায়েকবিলাকে তাকে জানি তেওঁক কৈচৰীয়ালৈ নি। তৰ্চি নগৰলৈ পঠাই দিলে। ৩১ এনে হলত য়িহুদা, গালীল, আৰু চোমি- ৰেণি দেশৰ মণ্ডলীৰ লোকে জিৰণী পাই, ধৰমত থিৰ হৈ প্ৰভুৰ ভয়ত আৰু পবিত্ৰ আত্মাই দিয়া সান্তনাত দিন নিয়াই, লেখত বহি গল। ৩২ তাৰ পাছে পিতৰে ঠায়ে ঠায়ে ফুৰি লোদ নগৰত থকা পবিত্ৰ লো- 1