পৃষ্ঠা:New Testament in Assamese.djvu/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮ অধ্যায়। ২৮ ৰূপে উত্তৰ কৰিলত ওচৰত থকা এটা টেকেলই যীশুক চৰ মাৰি কলে, বৰ পোৰোহিতক এনে উত্তৰ কৰ নে? ২৩ তাতে যীশু উত্তৰ কৰিলে, যদি অকথা কৈছে, সেই অকথাৰ প্ৰমাণ দিয়া; কিন্তু যদি ভাল কথা কৈছে, তেন্তে মোক কিয় মাৰা? ২৪ হাননে বান্ধি থোৱা তেওঁক বৰ পেৰোহিত কায়ফাৰ ওচৰলৈ পঠাই দিছিলে। ২৫ পাছে চিমোন পিতৰে থিয় হৈ জুই পুয়াওতেই মানুহবোৰে তেওঁত সুধিলে, তুমি এই জনৰ শিষ্যৰ মাঝৰ এটা নোহোৱা নে? তাতে তেওঁ আসৈ কৰি, মই নহওঁ বুলি কলে। তেতিয়া পিতৰে বৰ পেৰোহি- তৰ যি বন্দীৰ কাণ কাটছিলে, তাৰ এটা গিয়াতিএ কলে, বাৰীত থাকে- তে তেওঁৰ লগত মই তোমাক দেখা নাই নে? ২৭ তাতে পিতৰে আকও অলৈ কৰিলে, আৰু তেতিয়াই কুকুৰাই ডাক দিলে। পাছে ৰাতি পুয়াতে সিবিলাকে কায়ফাৰ ঘৰৰ পৰা সোধৰ চৰলৈ ৰীক লৈ গল। কিন্তু নিস্তাৰ পৰ্ব্বৰ ভোজ খবৰ আশয়েৰে অশুচি নহব- লৈ সিবিলাক অপুনি সোধৰ চৰাত নোসোমাল। ২১ পাছে পিলাতে বা- হিৰলৈ গৈ সিহঁতত সুধিলে, তোমোলাকে এই মানুহক কি কি বাদ দিছ। ৩০ তেতিয়া সিহঁতে উত্তৰ কৰিলে, সি দুষ্ট কৰম কৰাটো নহলে, অপো- নাত তকি নোসোধালোহেঁতেন। তীতে পিলাতে বুলিলে, তোমোলাকে তাক লৈ আপোনাৰ বিধানৰ মতে সোধ কৰা। য়িহুদিবিলাকে সমিধান দি কলে, আমি কাকো মাৰিবৰ শক্তি নাই। ৩২ তাতে আপুনি কেনে মৰণেৰে মৰিব, ইয়াৰ অৰ্থে যীশু যি কথা কৈছিল, সেয়ে সিন্ধি হল। ৩৩ তাৰ পাছে পিলাতে আকও সোধৰ চৰলৈ গৈ যীশুক মতি সুধিলে, তুমি য়িহুদিবিলাকৰ ৰজা হোৱা নে? ৩৪ খ্ৰীশু উত্তৰ কৰিলে, তুমি অপু- নিএই কৈচ্ছ। নে, নাইবা আন কোনোবাই মোৰ অৰ্থে এই কথা তোমাত কৈছে? ৬৫ পিলাতে বুলিলে, মই য়িহুদি মানুহ নে? তোমাৰ আপোনাৰ দেশীবিলাক আৰু প্ৰধান পোৰোহিতবিলাকে মোৰ হাতত তোমাক সোধাই- ছে; তুমি কি কৰিলা? ৩৬ য়ী এ উত্তৰ কৰিলে, মোৰ ৰাজ্য এই জগতৰ নহয়; মোৰ ৰাজ্য এই জগতৰ হোৱা হলে, তেন্তে য়িহুদিবিলাকৰ হাতত মই যেন নপৰে, মোৰ সেৱকবিলাকে যুদ্ধ কৰিলেহেঁতেন; কিন্তু মোৰ ৰাজ্য ইয়াৰ নহয়। ৩৭ তাতে পিলাতে কলে, তেন্তে তুমি ৰজা হোৱা নে? যীশু উত্তৰ কৰিলে, মই ৰজা হওঁ, ইয়াকে তুমি স্বৰূপ কৈছা। সত্য কথাত প্ৰমাণ দিবৰ নিমিত্তে জনম ধৰি এই জগতলৈ আহিলো। সত্যৰ ফলীয়া সকলোএ মোৰ কথা শুনে। ৩৮ তেতিয়া পিলাতে কলে, সত্য নো কি? ইয়াকে বুলি আকও বাহিৰলৈ গৈ য়িহুদিবিলাকত কলে, মই এই মানুহত একে দোষ পোৱা নাই। ৩৯ আৰু নিস্তাৰ পৰ্বত মই যেন এক বন্দীয়া- ৰক মুকলি কৰিম, তোমোলাকৰ এনে দস্তুৰ আছে; এই হেতুকে তেমো-