পৃষ্ঠা:New Testament in Assamese.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

১২

মাথি ।

 

তোমোলাকক সকলোতে জি জি বেৱহাৰ কৰিবলৈ তোমোলাকৰ ইচা হই, তোমোলাকেও সিবিলাকলৈ সেই ৰুপ বেৱহাৰ কৰা; কিয়নো বিধান আৰু ভবিস্যত বক্তা সকলৰ বাক্য এই ।

 ১৩ দুর্গম দুআৰেদি সােমোআ; কিয়নো জি দুআৰে আৰু জি বাটে সৰ্ব-নাসলৈ নিএ, সেই দুআৰ বহল, বাটো মুকলি, আৰু সেয়েদি সোমোআও অনেক। ১৪ কিয়নো জি দুআৰে আৰু বাটেদি পৰম আয়ুসলৈ জাই, সেই দুআৰ দুৰ্গম, বাটো চেপ, আৰু তাক পোআ মানুহো তাকৰ ।

 ১৫ জিবিলাক মিচা ভবিস্যত বক্তাই মেৰৰ বেস ধৰি তোমােলাকৰ ওচ-ৰলৈ আহে, কিন্তু ভিতৰে হিংসক ৰাঙ্গকুকুৰ হই, সিহঁতৰ পৰা আপো-নাক ধৰি ৰাখা।১৬ সিহঁতৰ কৰমৰ দোআৰাই তােমোলাকে সিহঁতক চিনিবা । মানুহে কাঁইট গচৰ পৰা লতাপনিয়ালৰ গুটি, বা পুলি কাঁইটৰ পৰা ডিমৰু গুটি পাৰেনে ? ১৭ সেই ৰুপে ভাল গচে ভাল গুটি ধৰে; কিন্তু বেয়া গচে বেয়া গটি ধৰে । ১৮ ভাল গচে বেয়া গুটি ধৰিব নোআৰে; বেয়া গচেও ভাল গুটি ধৰিব নোআৰে। ১৯ জি জি গচে ভাল গুটি নধৰে, তাক কাটি জুইত পেলোআ জাই। ২০ এই হেতুকে তোমোলাকে ফলৰ দোআৰাই সিহঁতক চিনিবা।

 ২১ জিবিলাকে মোক প্ৰভু প্রভু বোলে, সিবিলাক সকলোএ সৰগ ৰাজ্যত সােমাব, এনে নহই; কিন্তু জি জনে স্বৰগত থকা মোৰ পিত্রিৰ ইষ্ট কৰম কৰে, সেয়েহে সোমাব । ২২ সেই দিনা অনেকে বুলিব, হে প্রভু, হে প্রভু,আমি তোমাৰ নামে ভবিস্যত বাক্য কোআ নাই নে ? আৰু তােমাৰ নামে ভূতবিলাকক খেদোআ নাই নে? আৰু তোমাৰ নামে জানো অনেক আচৰিত কৰম কৰা নাই? ২৩ তেতিয়া সিহঁতক মই বুলিম, হেৰৈ কুকৰম কৰাবিলাক, তহঁতক মই কেতিয়াও জনা নাই; মোৰ ওচৰৰ পৰা আঁতৰি জা ।

 ২৪ জি কোনোএ মােৰ এইবিলাক কথা সুনি পালন কৰে, সিলৰ ওপ-ৰত ঘৰ সজা গিয়ানি মানুহেৰে তাৰ উপমা দিম । ২৫ পাচে বৰখুন আ-নিলত ধল উঠিল, আৰু বতাহ বলাই সেই ঘৰৰ ওপৰত খুন্দা লাগিলহি ; কিন্তু তাৰ পােত সিলৰ ওপৰত হোআ হেতুকে সি নপৰিল। ২৬ আৰু জি কোনােএ মোৰ এইবিলাক কথা সুনি পালন নকৰে, বালিৰ ওপৰত ঘৰ সজা অজলা মানুহেৰে তাৰ উপমা দিয়া হব । ২৭ তাতে বৰখুন আনি-লত ধল উঠিল, আৰু বতাহ বলাই সেই ঘৰৰ ওপৰত খুন্দা লাগিলত সি পৰিল, আৰু তাৰ ঘোৰ পতন হল ।

 ২৮ য়িচুএ এইবিলাক কথা কৈ এঁটালত লোক সমুহে তেঁওৰ উপদেসত বিস্মই মানিলে, ২৯ কিয়নো তেঁও অধ্যাপকবিলাকৰ দৰে সিখ্যা নিদি, সক্তিমন্ত জনৰ দৰে সিখ্য়া দিলে ।