yo মোৰ জীৱন সোৱ ৰ সামাৰ তেও আনতকৈ যে ভালকৈ ইংৰাজী জানে, এইটো বুজাবলৈ, দেশৰ মানুহৰ ইংৰাজীত ভুল ধৰি দেখুৱাই আমাৰ আগত পেংলাই কৰিবলৈ ভাল পাইছিল। গণিত বিদ্যাৰে সৈতে কিন্তু বিষ্ণুবাবুৰ সতিনীৰ আঁহ আছিল, আৰু ঘনে ঘনে নিজেই সেই কথা জাহিৰ কৰি সুখ লভিছিল। আমাৰ হেডমাষ্টৰজনৰ নাম আছিল ঐশ্ৰীনাথ গুহ। দেশত জোৰাজোৰে শ্ৰী ব্যৱহাৰ কৰোঁতা সকলক কোনো সত্ৰৰ গোসাই বুলি মই জানিছিলো। সেই দেখি এজোৰ শ্ৰীৰে গুহ বাবুৰ চহিৰ বলা হস্তলিপি এখন এদিন দেখি, সৰুতে মই ভাবিছিলো, যে আমাৰ হেড মাষ্টৰজনন বঙ্গদেশৰ কোনোব। এখন সত্ৰৰ গোসই প্ৰভু বা অধিকাৰ পুৰুষ। অনেক দিনৰ মূৰতহে মোৰ এই বালক-সুলভ ভ্ৰম ভাগিছিল, আৰু জানিছিলো যে এনাথৰ শ্ৰটো নামটোৰেই অন্তৰ্গত। নাথ গুহ গা-গাৰিয়ে বৰ শকত-আবত মানুহ আছিল, আৰু তেওঁৰ বৰণটো একেবাৰেই কেতোৰ কলা নহলেও দিব্য কলা আছিল। তেওঁৰ মাতৰ গুমনিত শিৱসাগৰৰ ডাঙৰ ফুল-ঘৰটোৱে দিনৌ থক থক কৰে কঁপি মোক কোৱা যেন শুনিছিলো—আৰু মই নোৱাৰে॥ দেউতাই! মোৰ কাণ ফাটি বা ফাটি যাও কৰিছে।” এবাৰ বজাৰ পৰা চাৰি বজালৈকে তেওঁ তেওঁৰ ক্লাছ প্ৰথম শ্ৰেণীত পঢ়াবলৈ নবহি, স্কুল সম্পৰ্কে লেখা-পঢ়াৰ কাম কৰিবলৈ থকা কাষৰ ঠাই এডোখৰত বহি Desk work অৰ্থাৎ অফিচৰ কামত ব্যস্ত থাকিছি, আৰু মাজে মাজে থাকি থাকি “Silence! অৰ্থাৎ “চুপ বুলি এটা বুকু-ফপি যোত একাণ্ড গোমৰণিৰ খুটি গোটেইটো কুলৰ ছাত্ৰৰ উদেশে মাৰি গায়াইহিল। মই যোণ কৰে, ওপৰত কৈ , টৰ বিলৈ কেয়া মতা পোয়, এবাৰেৰ তিলাল যে সেই গোপিও মোৰীয়া গেণি ক নল 1
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৮০
অৱয়ব