পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

—ইংৰাজী স্কুল- ৭১ . মাখেন। যি হওক, শ্ৰীনাথ বাবুৰ “ছাইলে” নামৰ গোঁজৰণিৰ ধ্বনিত গোটেইটো স্কুলৰ ছাতৰ আৰু মাষ্টৰৰ মাত দুই তিনি মিনিট- লৈকে মুখৰ পৰা পলাই ফাট মাৰিছিল। এই গোঁজৰণিৰ আচল মানে হৈছিল “ছাতৰহঁত! তহতে ভাবিছ হবলা যে তহঁতৰ হেডমাষ্টৰে নিজৰ কাম লৈয়ে ব্যস্ত আছে, তহঁতৰ ফালে তেওঁৰ চকু নাই? সেইটো নহয়; তেওঁ সজাগ।” এই অটো তেওঁ আৰু সুস্পষ্ট কৰিছিল এইদৰে, কোনো ক্লাছৰ কোনো লৰাৰ ব্যৱহাৰত ক্ষুদ্ৰ ব্যতিক্ৰম কেতিয়াবা তেওঁৰ চকুত পৰিলে, তেওঁ তেওঁৰ এই সুদূৰস্থিত চকিৰ পৰা ঢেকেনি মাৰি “you! you!” অৰ্থাৎ তই। তই! বুলি তাক তেওঁৰ ওচৰলৈ মাতি নি, সোধ-পোছ নাই, তাক “এই হাত।” “সেই হাত।” বুলি হাত পাতিবলৈ কৈ তাৰ হাতৰ তলুৱাত বেতেৰে কোব লগাই দিছিল। এনে বেত্ৰাঘাতৰ সুৰ 'তোগ এই দুখীয়াৰ ভাগ্যতো এদিন ঘটিছিল। আমাৰ ক্লাছত মহাকাশ নামেৰে দুষ্ট লৰা এটা আছিল। মোৰ দুৰ্ভাগ্যৰ নিমিত্তে এদিন সি মোৰ ওচৰত ঠাই অধিকাৰ কৰি বহিলহি। মোৰ অমত আৰু পাপতি অগ্ৰাহ কৰি, সি মোৰে সৈতে “পাঞ্জা লড়িবলৈ অভিলাষ কৰি মোৰ হাতটো ধৰি টনা আলোৰা লগাই দিলে। “পা-যুদ্ধৰ এই উদ্যোগ পৰ্কটো পৰিল হেড মাষ্টৰৰ চকুত আৰু যাও কলৈ? প্ৰচণ্ড you! you!” নিনাদে ফুলৰ কঁপাই দি ততালিকে যুদ্ধ স্থগিত কৰি পেলালে। উভতি চাও যে হেডমাষ্টৰ বাবুৰে অকল মোৰ ফাললৈছে সেই “ইউ বা মাৰি পঠিয়াইছে। হৰি হৰি! যাই ৰেী মৰীৰ : কালে নয়; সি সালি! মই মতলীয়া মানুহৰ দৰে বৰুৰে উল, ভালিকে হাতৰ তলুৱা পাতি দিলে, আৰু তেখেতে ভাত বেতৰ এটি কোৰ বৰাই দি মোক আপ্যায়িত কৰি বিদায় দিলে। এনে বিচাৰ বা বিচাৰ দেখি যত বিকাৰ লাগি, চাল