পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-ইংৰাজী স্কুল- - পণ্ডিতে আনবোৰক এৰি, মোৰ ফালে চাই বিৰক্তি প্ৰকাশ কৰি কলে—“তুমি সিংহৰ পোৱালি হৈ শৃগালৰ নিচিনা হলা কিয়?” মই সেই তিৰস্কাৰ শুনি লাজত তললৈ মূৰ কৰি ৰলোঁ আৰু সেই দিনাৰে পৰ আন আন দুষ্ট লৰাৰ লগ নলও বুলি মনতে সঙ্কল্প কৰিলে। বৰ আচৰিত কথা যে ইমানবোৰ শিক্ষকৰ তলত মোৰ বিদ্যা শিক্ষা ঘটিছিল, কিন্তু প্ৰকৃত শ্ৰদ্ধা, ভক্তি বা ভালপোৱাৰে এজনেও মোৰ মন আকৰ্ষণ কৰিব নোৱাৰিছিল। এইটো শিক্ষক সকলৰ গুণৰ ক্ৰটিৰ কাৰতকৈও সেই কালৰ শিক্ষা-প্ৰণালীৰ দোষ বুলি ধৰিলেহে ঠিক হব হবলা। যি হওক, ইযাৰ এটা ব্যতিক্ৰম ঘটিছিল, এমাহমানৰ নিমিত্তে। শ্ৰীযুত কেশৱ নাথ ফুকনে (ষি পিছত তেজপুৰত হেডমাষ্টৰ হৈ সুখ্যাতিৰে কাম কৰিছিল) এমাহ মানলৈ আমাৰ স্কুলত কাম কৰি আমাক পঢ়াইছিল। তেওঁৰ পঢ়োৱা প্ৰাঞ্জল প্ৰণালীয়ে আৰু মিষ্ট স্যৱহাৰে আমাক তেওঁৰ প্ৰতি শ্ৰদ্ধাশন কৰি তুলিছিল। দুখৰ বিষয়, তেওঁ আমাৰ স্কুল সহ দিন নাথাকিল। আমাৰ স্কুলৰ ছেকেণ্ড মাষ্টৰ আছিল বাবু বিষ্ণচন্দ্ৰ চক্ৰবৰ্তী। তেও দীৰ্ঘকাল অসম-প্ৰবাসী বঙ্গালী। কিন্তু আশ্চৰ্য্যৰ বিষয় যে তেও এবাৰ অসমীয়া কথা কব নাজানিছিল। তেওৰ তলত মই সৰহ দিন পঢ়া নাছিলোঁ, কাৰণ মই ছেকেণ্ড ক্লাছলৈ উঠাৰ অলপ দিনৰ পিছতে তেও বদলি হৈ গল। তেওৰ সম্পৰ্কে মোৰ তিনটা কথা মনত আছে।তেওঁৰ গোতাৰ সৰ্বসাধাৰণ গোফতকৈ দীঘল। দ্বিতীয়টো, তেও কথা কওঁতে খোনাই খোনই কথা কৈছিল, আৰু এত্যেৰ কথাত “ক” “ক” (of course) শটোৰ শোহ ইমানকৈ দিছিল, যে শিৱসাগৰ জিলাৰ বানু নামৰ গাৱৰ গী বেছে না গাখীৰত পানী দি বেচিবলৈ না গাখীৰৰ ৰে তাত তিনি তা – পানীৰ লোহ পৰিছিল। তৃতীয়ণে