-ইংৰাজী স্কুলত- হেড মাষ্টৰে পঠিয়াই দিছিল। মনত আছে, তেওঁ আহিলেই গোটেইটো স্কুলৰ চকু তেওঁৰ ফালে পোন হৈছিল; কাৰণ তেওঁ আহিয়েই ক্ষন্তেকৰ ভিতৰতে ইটোক "Stand up on the bench Sir!" FOOT "Go out of the class Sir! You!" Atact হুকুমৰ ভৈৰৱ-নিনাদেৰে স্কুল ঘৰটো লক লগাই পেলাইছিল। শ্ৰীযুত গোপালচন্দ্ৰ ঘোষ নামেৰে এজন মাষ্টৰে আমাক ওপৰ ক্লাছত পঢ়াইছিল। তেওঁ মৃদু স্বভাৱৰ আৰু সৰল প্ৰকৃতিৰ মানুহ আছিল। তেওঁলোক বহুকলীয়া আসাম প্ৰবাসী বঙ্গালী। আচাৰ-ব্যবহাৰ মাত কথাত তেওঁলোক প্ৰায় অসমীয়াৰ নিচিনা হৈ গৈছিল। তেওঁৰ পিতা ঠাকুৰদাস ঘোষক দেখা মোৰ এতিয়াও মনত আছে। ঠাকুৰ- দাস ধাৰ্মিক আৰু মৃদু ভাৱৰ মানুহ আহিল। গোপাল বাবুয়ে আমাৰ ক্লাছলৈ আহি দিনৌ, ইপা-কৰা মানে-কিতাপ এখন হাতত লৈ ক্লাছত বহা প্ৰথম লৰাটোৰে পৰা আৰম্ভ কৰি, মানে-কিতাপখনত থকা শৰবোৰৰ মানে এটাৰ পিছত এটাকৈ সুধি গৈছিল। আমি তেওঁৰ গতি বুজি জুৱাচুৰি বুজি উলিয়াই, ক্লাছত যত বহো তালৈকে, প্ৰথমটো লৰাৰে পৰা লেখি আনি, আৰু মানে থকা কিতাপৰ শব্দযোে সেইদৰে দেখি আনি, কাৰ গাত কোনটো শব্দৰ মানে কোৱাৰ ভাৰ পৰিব সেইটো ঠিক কৰি লৈ মুখ কৰি থওঁহক, আৰু গোপাল বাবুৱে আমাৰ পৰা টপ, কৰে নিতুল উৰ পাই তাকে লৰাহঁতে বঢ়িয়াকৈ “লেছন” তৈয়াৰ কৰি থৈছে। এনেকৈ অনেক দিন চলি আছিল; আৰু আমিও টাকা-পানীত উটি লৈ আহিলোক। কি এদিন শিখি বিষাদী হল না আসাস বিড়ম্বনা ঘটল! গোপাল বাবুৰ বুকুত কিহে খুন্দিয়াই মিলে কল নোৱাৰে, তেও সেই বন্ধা নিয়ম ত কৰি, আমেশিন বা লৈ ও যে এস না িযৰে তৰে পৰা মানে কালে
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৭৭
অৱয়ব