মোৰ জীৱন সোৱৰণ শৰ্মাৰ গোচৰীভূত হল, তেন্তে তাৰ বাবে পিছদিনা স্কুলত সেই ছাত্ৰৰ পিঠিত বা হাতৰ তলুৱাত তেওঁৰ দ্বাৰাই স্বহস্তদত্ত বেত্ৰাঘাত, নাইবা বেঞ্চৰ ওপৰত থিয় হোৱা শান্তি। এই লেখকৰ কপালত যে তেনেকুৱা কাৰণৰ নিমিত্তে তেনে বিধৰ দণ্ড দুদিন-এদিন নঘটিছিল, এনে নহয়। টেপু মাষ্টৰকলৈ আমি বৰ আহুকালত পৰিছিলোইক। তেও ক্লাছত বহি থাকোতে, কেতিয়াবা থাকি থাকি, আমাক মাৰিবৰ কাৰণ উলিয়াবলৈকে হবলা, মুখখন ওফোন্দাই, বা ওঁঠ দুটা বেঁকা কৰি আঙ্গিভঙ্গি কৰিছিল, আৰু পাতল মনৰ আমি সেই আঙ্গিভঙ্গি দেখি হাঁহি সামৰিব নোৱাৰি হাঁহি দিছিলে, আৰু হাঁহিলেই লাগিছিল লেঠা; তাৰ ফল—হাতৰ তলুৱাত বা পৃষ্ঠদেশত এটি বেতৰ মজলীয়া বিধৰ কোব। কিন্তু মুঠতে শ্ৰীযুত লোকনাথ শৰ্মা মাষ্টৰ ৰঙিলাল মানুহ আছিল, আৰু আমি তেওঁক যে বেয়া পাইছিলেহঁক এনে নহয়। শ্ৰীযুত গেৰ নাম আৰু এন মাষ্টৰ আছিল। তেৱে কম “ডিছিনিৰিয়ান” নাছিল; কিন্তু ওজনত তেওঁৰ পঢ়োৱাৰ মোথ বেছি আছিল দেখি ‘ডিছিনিৰ তৰ আমি কেকোজেকোকৈ সহিছিলোইক। তেওঁৰ মূৰটো টপা আছিল দেখি, আমাৰ ভিতৰৰ দুইবোৰ তেওৰ নাম ৰাখিছিল “টপা মাষ্টৰ, আৰু তেওঁৰ অসাক্ষাতে তেওৰ উল্লেখ সেই নামেৰে কৰিছিল। মতিলাল থোষ নামেৰে বাণী ছাতৰ এনে প্ৰথম শ্ৰেণত আখাং এই ছত পঢ়িছিল। তেওঁক এখৰ শ্ৰেণীত বতৰাৰ দৰে কত বে দেখিছিলো, ঠিক নাই। তেওঁ কটীয়া আৰু দটীয়াআহিল। তেওঁৰ মূখত তোবাৰ তাঢ়িৰ প্ৰতাৰ ইমান সহ আছিল, যে তেওঁৰ টোতকৈ ডাঢ়িৰ তৰ সৰ, এই কুল ৰণা অনেক কাললৈকে নোৰ যত আছিল। তেওক মানে মানে আমাৰ প্ৰেত পঢ়াবলৈ
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৭৬
অৱয়ব