পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইংৰাজী স্কুল- বুজিব নোৱাৰিলে; অনুমান কৰে, সি সেই প্ৰতিটো আয়ত্ত কৰিব নোৱাৰি সম্ভবতঃ লৰোৰ পণ্ডিতৰ হাতত লাঞ্ছিত হৈ, মোৰ কিতাপত অকা প্ৰতিটোৰ ওপৰত সেইদৰে প্ৰতিশোধ ললে। খি হওক শতছিদ্ৰযুক্ত পাতটিৰ লগে লগে মোৰ মনত শোক ছিদ্ৰ এশটা হল, আৰু শতধা-বিভক্ত ছিদ্ৰবোৰৰ পৰা তলিকে সম্মিলিত দুধাৰ লো বৈ গল। কিন্তু কাৰৰ দ্বাৰাই সেই প্ৰবাহিনীৰ গতি পৰিলক্ষিত হৈছিল যেন মোৰ মনে নধৰে। কাৰণ সান্ত্বনা বাক্যৰ শুকান কাপোৰৰ আঁচলৰূপী অগস্ত্যক আনি, কোনেও সেই প্ৰবাহিনীৰ প্ৰৱল জল পান কৰি দিবৰ অৰ্থে মোৰ ওচৰত উপস্থিত কৰা নাছিল। ইংৰাজী ফুলত- ইয়াৰ এবছৰ পিছত মোক ইংৰাজী স্কুলৰ তলৰ শ্ৰেণী এটাত নাম লগাই দিয়া হল। শ্ৰীযুত লোকনাথ শৰ্মা নামেৰে এজন মাষ্টৰৰ তলত পৰিলে। তেওঁৰ মতা-নাম টেপু আছিল। টেপু মাষ্টৰ ভয়ানক disciplinarian অৰ্থাৎ নিয়ম-প্ৰিয় শিক্ষক আছিল। সক পঢ়োৱাতকৈ discipline অৰ ফালে তেওঁৰ প্ৰথৰ দৃষ্টি। কুলীয়া নিয়মেই হওক বা ঘৰুৱা নিয়মেই হওক, সেইবোৰ নিখুত ভাৱে লৰাৰ ৰাই যাতে পালিত হয়, তাৰ নিমিত্তে তেওঁ বল আহিল, যদিও সেই নিয়মবোৰৰ অধিকখিনি প্ৰচলিত পুৰণি কলীয়া অনিয়ম নামা মাথোন। কোনো লৰাৰ বাৰা ওপৰত কোকা কোনো নিয়মৰ গাত আচোৰ এটা লাগিলেই তাৰ পিঠিত বেত্ৰাঘাত পৰিছিল। নিজৰ ঘৰতত কেতিয়াবা কোনো তবে যদি কোনো বা নিয়ম ব্যতিক্ত কৰে যেনে ককায়েকেৰে মূৰে উত্তৰ-উত্তৰি কৰা, মায়েকে কি কৰিবলৈ পাচিলে না, কৰিবলৈ পাকিলি কৰা, ইত্যাদি বেগবাদি কি বলে মাঠ লোনা