৬৪ মোৰ জীৱন সোৱৰণ ভৰ-ডেকা আছিল। তেওঁৰ ছাতক পঢ়োৱা গঢ়টোও সেই কলীয়া স্কুল মাষ্টৰীয়া প্ৰথাৰে অভিন্ন আছিল। মই তেওঁৰ ৰুদ্ৰ তেজেৰে তাপিত হৈ, তেওঁৰ অসমীয়া মুখৰ দ্বাৰাই উচ্চাৰিত হৈ জাত-এবা বঙ্গলা শুনি, শিকি আৰু পঢ়ি, চকু মূৰ মুদি কোনোমতে এবছৰ কটাই দিছিলো। মোৰ বগলা-লীয়া জীৱনত ঘটা দুটা কথা মাথোন মনত আছে। এদিন মোৰ পেট কামুৰিছে বুলি মই হেডপণ্ডিত তাৰক বাবুৰ ওচৰত ছুটি লবলৈ গৈছিলো। তাৰক বাবুৱে মোক পাই আমাৰ কোমল-চাউল তোজনৰ বিৰুদ্ধে অনেক ৰসিকতা কৰি এটা বুন বিধৰ বক্তৃতা শুনাই দিলে, কাৰণ তেওঁৰ সুযোগ উপস্থিত যে মোৰ ছুটিৰ দখত “পেচকৰা কাৰণটো পেট-কামোৰণি আছিল। হেড,পণ্ডিত বাবুৰ বক্তৃতাৰ অনন্ত মেৰ মনত পেলাইছিল, যে কি লাজৰ কথা, কি “সৰমত মৰিবৰ কথা, যে আমি অসমীয়াযোৰে কোমল চাউল খোৱাৰ নিচিনা অসভ্য কাম কৰোক। অৱশ্যে এই ধিকাৰৰ কাৰণটো মোৰ পেটৰ কামোৰণি নহয়, কিয়নো, আমুকাই একো একো দিন তাতকৈয়ো চাঙৰ ডাঙৰ পেট-কামোৰণি নাগাজুনৰ বৰি খাই অম্লান বদনে হজম কৰিছিলো, কাৰণটো হেড,পণ্ডিতৰ বক্তৃতাৰ ফলত হোৱা জাতীয় দুফাৰ্য্যৰ নিমিত্তে আত্মগ্লানিৰ কামোৰণি। আমাৰ “বাদশ ববিদ্যালয়ৰ” আদৰ্শ বঙ্গালী হেপণ্ডিত সৰ্ববিদ্যা- বিশাৰ তাৰক বাবুৱে কোমল-চাউলক এনেকৈ কুকুৰে-কাইট নোনোৱাকৈ যেতিয়া ককথনা কৰিছে, আৰু সেই কথা যেতিয়া তেওঁৰ বিয়াৰ মুখ নিত, কোমল-চাউল খোৱাটো নিশ্চয় আমাৰ অসত্যতাৰ চিন। নিতীয়টো ঘটনা;-আমাৰ প্ৰেণীৰ দুই লৰা এটাই এদিন মোৰ ত্ৰেত (ভ্যামিতি) কিতাপটোৰ পাত এটা (যিটোত ৫ এতি ছিল) মোৰ সাতে বেশী এটাৰে চাই ঠকালকা কৰি দিলে। সি যে কি তেনে কৰিলে, তাৰ মনৰ কি তাব, মই
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৭৪
অৱয়ব