—লগুণ-দিয়নি দুৰ্বাৰ যেনেকৈ উদগত হয়, আৰু পুৰুষ পৰম্পৰাক্ৰমে বজিত হয়, তুমি হে দুৰ্ব্বা! সেইদৰে বংশপৰম্পৰাক্ৰমে শত-সহস্ৰ বদিত কৰ॥) বেদ এই শ্লোকটো মাতি লম্বোবাপুৱে যেতিয়া আমাৰ কপালত ভৰ ফোট একোটা দিবলৈ গৈছিল, আমি সেই পৱিত্ৰ ফোট লবলৈ তেতিয়া তেওঁৰ আগত আঠুকাঢ়ি আছিলোঁ। তেওঁ কঁপা হাতেৰে অতি কষ্টেৰে ফোট দিবলৈ গৈ, সেই ফোট ঠিক ঠাইত দিব নোৱাৰি, কাৰৰ চেলাউৰিত, কাৰৰ নাকত, কাৰৰ গালত, তেওঁৰ অতি অনিচ্ছাত্তে দিছিল;—দিছিল মানে, তেওঁ দিয়া ফোট আপোন-মতলবেৰে যতে ততে পৰিছিল। ফোটৰ এনে বিপৰীত বিন্যাস লক্ষ্য কৰি বেদমন্ত্ৰৰ উদাত্ত-অনুদাত-স্বৰ-বিকশিত গাম্ভীৰ্য্যৰ ব্যোম ভেদ কৰি মোৰ খুৰু খুকীয়া হাঁহি বিষম বিদ্ৰোহী হৈ উঠিছিল। এই ব্যাপাৰটো ঠিক যেন —কোনো দ্বাপৰ যুগীয়া পূজাৰীয়ে তেওঁৰ গোসাই ঘৰত অকলৈ বহি শালগ্ৰাম বা দেৱতাৰ মূৰ্তিৰ আগত মৃদু কণ্ঠেৰে একান্ত মনেৰে পোত্ৰ পাঠ কৰি থাকোতে সেই গোসাই-ঘৰৰ মুধচত নিবা দুটা ডাল- শলিয়াৰ দল-হাইৰ নিৰে অকস্মাৎ সেই পবিত্ৰ স্তোত্ৰৰ পবিত্ৰাবৰ ভেদ। লণ্ডণ-দিয়নিৰ অন্তত যেতিয়া টকলা-মূৰীয়া এডলীয়া টিনীয়া “বাচ্চা” ব্ৰহ্মচাৰী লৰা মই হাত পলাশৰ ডাল এট'ৰ দও, কমণ্ডল আৰু ভিক্ষাৰ মোনা হাতত লৈ মাতৃদেবীৰ আগত উপস্থিত হলোগৈ, আৰু “তবতি মাতৰ ভিক্ষাং দেহি?” বুলি তেওঁক ভিক্ষা মাগিলো, আৰু মোক বেঢ়ি থকা নামতী তিতাবৰ – এ না বগী হৈ এ!' বুলি কৰুণৰসাত্মক গীত ধৰিলে, দেখিলো মাতৃদেবীৰ চকু চলীয়া হল, আৰু তেওঁ ৰিহাৰ আঁচলেৰে চকু মহিবলৈ এৰিলে। কিয় কব নোৱাৰে, ততালিকে মোৰ চকুৰ পৰা দুৰ লো হৈ গল। যই তিন দিনলৈকে এই চৰ্য ৰাখি এত দণ্ড পৰিত্যাগ কৰিলে।
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৭১
অৱয়ব