—আমাৰ ৰংপুৰ যাত্ৰা ৪৯ অনেকবাৰ পিতৃদেৱতাকে গুৰিয়ালৰ হাতৰ বঠা কাঢ়ি লৈ নিৰে বঠা ধৰা দেখিছিলোঁ। নাও পাৰি দিওঁতে পিতৃদেৱতাই “ৰাম পাৰ কৰা, এ, ৰঘুনাথ সংসাৰ-সাগৰে!” এই ঘোষা লগাই পদ দিছিল, আৰু আমি সকলোৱে উচ্চৈস্বৰে পাইছিলোহঁক। বাস্তবিকতে এই নামৰ তালৰ লগত পানীত পৰা দাৰৰ চেও মিলি নাৱৰীয়াহঁতৰ মনত এক অপূৰ্ব উৎসাহৰ সোত বোৱাইছিল, আৰু ফলত নাও ফোলা হা- ফোলে আগবাঢ়ি গৈছিল। এদিন এই দৰে ব্ৰহ্মপুত্ৰত পাৰি দি যাওতে এবাৰ নৈৰ মাজতে আমাৰ নাওখন ঘপহ,কৰে এটা চটত লাগিল। ততালিকে নাৱৰীয়াবোৰেৰে সৈতে পিতৃদেৱতাই চটৰ বাং পানীত নামি পৰি নাওখন বলেৰে টানি টানি কেনোমতেছে সেই চোৰ বালিৰ চটৰ বিপদৰ পৰা তাক, ৰক্ষা কৰিলে। এদিন পিতৃদেৱতাই আমাক দূৰৰ পৰা আলিয়াই দেখুৱাই কলে “সোৱা মোৰ আতাৰ থান কমলাবাৰী সত্ৰৰ গছ দেখা গৈছে।” পিতৃদেৱতাৰ আদেশ আৰু আহি অনুসৰণ কৰি আমি নাৱৰ চৰথত আঠুকাঢ়ি পৰি থানৰ উদ্দেশে ভক্তিপূৰ্ণ সেৱা কৰিলেহঁক। পিত দেৱতাই সেৱা কৰি উঠি, তলত দিয়া ঘোষা কেইটা সুৰ ধৰি গাই তাৰ মানে অতি ভক্তিভাবে ব্যাখ্যা কৰি আমাক শুনাইছিল “যি দিশত মহা ভক্তসবে মন্ত কমললোচনক পৰম সন্তোষে কীৰ্তন যিতো কয় সি দিশক নমস্কাৰ কৰি দুৰ্যোৰ সংসাৰ মূৰে তৰি আপুনি অচ্যুত ৰূপ দিতে হয়। মানন্দ পদ যুগলৰ মৰ মধুৰত প্ৰায় কত সকলে যি দিশত প্ৰকাশয়। সি দি নিবা গঙ্গাদেবী অনেক বাজপে আতি পৰম নিল সে নোতা কয়।
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৫৭
অৱয়ব