পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8 bar মোৰ জীৱন সোৱৰণ নিজান বালিৰ ওপৰত বুঢ়া বুটী হালি সেই দৰে অকলৈ থকা দেখি মোৰ লৰা মনলৈকো এটা উদাস ভাব আহিছিল। ভাবিছিলে, মোক মোৰ অভিভাবক সকলে যদি এৰি দিয়ে, ময়ো অকলৈ এই দৰে এনে এটা বালিৰ ওপৰত পা এটা সাজি লৈ যাবজ্জীবন থাকি। নল বাগৰি থকা বালিৰ গৰাৰ পানীৰ জুৱলিত কাতি হৈ পৰি থকা নল খাগৰিৰ ওপৰত সৰু সৰু কাছ পোৱালীবোৰ উঠি থাকে , আৰু আমাৰ নাও কাষ পালেগৈয়ে টুপুং কৰে পাণীত পৰি বুৰ মাৰে। এই দৃশ্যটো মোৰ বৰ ভাল লাগিছিল। ভাবিছিলো, ময় যদি কাছ- পোৱালি হলেহেঁতেন এই দৰে টুপুং কৰে বুৰ মাৰি কৰবালৈ গুচি গলোহেঁতেন। এনেকুৱা কাছ পোৱালি দেখিলে মই লেখি যাওঁ। এদিন এটাৰ পিছত এটাকৈ লেখোতে একুৰি তিনটা হৈছিল। ব্ৰহ্মপুত্ৰৰ দাতিত একে-একো ঠাইত মাদুৰি বন হয়। বাকলি ৩চাই মাদুৰিৰ সাহটো আৰু কেওটো খাবলৈ ভাল লাগে। দেউতাই কি আমাক মাহৰি খাবলৈ নিদি কৈছিল “এই মাদুৰিৰে কোবাই মৰিয়ামৰি কৰি যদুবংশ ধ্বংশ হৈছিল, এতেকে মাদুৰি খাব নেপায়।” এনে innocent মাদুৰিৰে সৈতে যে এনে ভীষণ স্মৃতি বিজড়িত হৈ আছে, জানিব পাৰি সেই দিনাৰ পৰা মাদুৰি ভোজনৰ পৰা প্ৰতি নিবৃত্ত হলো। একে-একো ঠাইত বালিৰ গৰাত এহনীয়াই ধৰা বাবে, সেই পিনে উই যোৱাটো বিপনক। সেই দেখি সেই পাৰৰ পৰা সিপাৰলৈ পাৰি দিব লগীয়া হয়। চকুৰে পাৰুসিপাৰ মণি নোৰা এতে এইৰে আমাৰ মনোৰ পাৰিবিল হৈছিল। পাৰি দিওঁতে না গোৱাল কেইটাই নাচিং আৰু গৰত বহি প্ৰাণপণে জাৰ ৰি আৰু বিকালে গুৰি পাৰি বাৰে চাব দি দি অতি কষ্টেৰ এই চা না কলি। এনেকৈ পাৰি দিতে আমি