-আমাৰ ৰংপুৰ যাত্ৰা 89 মহজাকেই আত্মশক্তি বিশ্বত হৈ, ভয় থাই টেটাই ঢপলিয়াই লৰ মাৰি হাবিত সোমাল। ডাঙৰবোৰৰ লগে লগে সমানে লৰিব নোৱৰা চাৰি-পাচোটা সুন্দৰ মহপোৱালি পিছ পৰি পৰি যোৱা দেখি এনে লাগিছিল। সিহঁতক পাৰিলে ধৰি মৰম কৰি পুহিবৰ মোৰ বমন গৈছিল। এদিন দেখা গেল, এজোপা ডাঙৰ গছত বহি এটা কুৰুৱা-চৰাইয়ে এটা ডাঙৰ ৰৌমাছ খাবৰ দি কৰিছে। আমাৰ নাৱৰ আগোবাল এটাই কুৰুৱাটোৰ ফালে কাঠখৰি এডাল মুঠি মাৰি পঠিয়ালে। জেত বহা কুৰুৱাটোৱে ভোজনৰ আগেয়ে ভয় পাই উৰি লৰ মাৰিলে, আৰু মাছটো তাৰ নখৰ পৰা ধহি ধুপুৰ, কৰে গছৰ তলত পবিল। মুঠি মাৰোতা আগোৱালটোৱে একে জাপেই নাৱৰ পৰা নামি লামত পৰি, লৰি গৈ মাছটো লৈ আহি আমাৰ আগত বুক ফিন্দাই পেলাই দিলেহি। বৰ ডাঙৰ ৰে। কাটিলত পেটৰ ভিতৰত তিনি সেমান কণী পোৱ গল। ভোত বহি বিফল মনোৰ হৈ শুচি যোৱা কুৰুৱাটোৰ বাহিৰে, সকলোৱে সেই মাছ সেই দিনা ভোজন কৰি তৃপ্তি লভিলে। এদিন দেখিলে, পাৰৰ বালি এটাত থকা জুপুৰি এটাৰ পৰা জালোৱ বুঢ়া বুঢ়ী দুটা অমাৰ নাৱৰ ফালে বেগাই আহিছে। দেখিলে, বুঢ়াৰ হাতত কিবা এটা ওলমি আহিছে। “দেউতা এক নাও বাক বুলি কোৱা বুঢ়াৰ মাত শুনি আমাৰ নাও ৰখা হল। দেউতাৰ আগত বৰুকাৰ পোৱালী এটা ৰৈ বুঢ়া বুঢ়ীয়ে সেৱা কৰি কলে “দেউতাই পেন লৈ উৰাই দিয়ে বুলি আমি তুমি; সেইবাবে কেউ শক সেৱা কৰিবলৈ ছিলো। দেউতাই মিঠা ক কৈ চা ঢ়ী আপ্যায়িত কাৰ পিছত, বুঢ়াই তাৰ বোগ বৃত্তান্ত কৈ তাৰ পৰা ৰ লৈ সীকে সে এখান বলে।
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৫৫
অৱয়ব