পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৪ মোৰ জীৱন সোৱৰণ দেখিছিলো; আৰু দুপৰীয়া টেঙা খাবৰ মন যোৱা কালভোত একে-একোটা বালি-লোণৰ পৰ্বত বুলি কল্পনা কৰিছিলোঁ। দুপৰীয়া আৰু গধূলি কোনো এটা বালিৰ কাষত নাও ৰাখিলেই, মই সকলোৰে আগেয়েই একোপেই নাৱৰ পৰা বালিত পৰি আনন্দত মৰাচৰাইৰ পোৱালী লৰি ফুৰাদি ফুৰিছিলো। মনত এনে ভাব, যেন চকৰে-দেখা দূৰলৈকে যত বালি দেখিবলৈ পোৱা গৈছে, এটাকে বাদ নিদি এটাইবোৰৰ ওপৰত জপিয়াই লৰি-পৰি ভটাগুটি বাগদি বাগৰি ফুৰি শেষ কৰিহে এৰিম। এদিন দুপৰীয়া ভাত ৰান্ধিবৰ নিমিত্তে এটা বালিত নাও ৰখা হল। দেখিলোঁ, বহুত গঙ্গালিনী চাৰিওফালে উৰি ফুৰিছে। কোনোবাই মোক কৈ দিলে যে সেই বালিত নিশ্চয় গঙ্গাচিলনীৰ কণী পোৱা যাব। মই, মোৰ ককাইদেও নাথেৰে সৈতে, বিচাৰি বিচাৰি সঁচাকৈয়ে দুটা গলাচিলনীৰ কণী পাই আনি বুকু ফুলাই সকলোকে দেখুৱালোঁ। শুনিলো, গজাচিলনী যদিও নাখায়, কিন্তু তাৰ কণী হলে খায়। এই সন্তোষজনক বিধান শ্ৰৱণ কৰি কণী দুটা ভোৱাই দুই ভায়ে পৰম তৃপ্তিৰে সৈতে ভোজন কৰিলো। এদিন আন এটা বালিত বিচাৰি বিচাৰি দুটা ধৰিয়ালৰ কণী পাইছিলোঁ। প্ৰকাও কণী। কণ দুটা টাই তাৰ ভিতৰৰ কুহমবোৰ দলিয়াই পেলাই, গোট খোলা দুটা বহুত দিনলৈকে নাৱৰ বুজিৰ বাৰত এৰি থৈ দিছিলোঁ। ৰংপুৰ পাই মাৱৰ পৰা নামিবৰ সময়ত কি সেই দুটা মোৰ দৃষ্টিৰ বহিষ্কৃত হল। কেৰে। পৰ্তাই ৰবিনা কাই দয়া পৰশ হৈ ৰসাৰ + -বুগলক মাক ধৰিয়ালৰ বুকুলৈ পানীয়েদি চালান দিলে। এদিন বেলি বিমান বজাত এটা ধুলিত আমাৰ নাও। ল। সিম োনকালে সেই দিন ব্যাৰ কাৰণ,-ফেৰেীয়া ব, 'যতা কোং তিলৈ দি সেই বা ধুমুহাত