পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-ককাইলেহঁতৰ কলিকতা যাত্ৰা কাম কোনোমতেই হোৱাটো অসম্ভৱ বুলি বুজি, বেজাৰ আৰু শাকত মগন হৈছিল, আৰু যাতে পিতৃদেৱতা সেই অগ্নি-পৰীক্ষাৰ পৰা নিল হৈ সন্মানেৰে সৈতে উদ্ধাৰ হৈ ওলায় তাৰ অৰ্থে ঈশ্বৰৰ ওচৰত কায়মনোবাক্যে প্ৰাৰ্থনা কৰিছিল। এই বিপদৰ গোটেই ডেথৰ কালত ডাঙৰীয়া দীননাথ বেজবৰুৱা স্থিৰ, ধীৰ, অটল হৈ আছিল, আৰু তেওঁৰ নিস্পাপ নিৰ্ম্মল অন্তঃকৰণত এক মুহূৰ্তৰ নিমিত্তে ভযৰ সঞ্চাৰ হোৱা নাছিল। তেওঁৰ নিভয় উত্তৰ, ঈশ্বৰ বিশ্বাসেৰে বলী পৌষপূৰ্ণ ব্যৱহাৰে কৰ্ণেল ক্লাৰ্ককে প্ৰমুখ্য কৰি তেওঁৰ শত্ৰুলৰ প্ৰাণত আৰু, আৰু ডিব্ৰুগড়ৰ প্ৰজাৰ মনত বিষয়-বিমিশ্ৰিত আনন্দ উৎপাদন কৰিছিল। বিচাৰৰ শেহত পিতৃদেৱতা মেঘমুক্ত শশধৰৰ দৰে নিজৰ পূৰ্ণ যশষ্যাৰ জেউতিৰে আৰু উল হৈ ওলাল। গবৰ্ণমেন্টে তেওঁক আকৌ আগৰ কামত নিযুক্ত কৰি, কামৰ পৰা যুগিত (চচপে) হৈ থকা কেইমাহৰ পূৰা বেতন তেওঁক দিলে। ইয়াৰ পিছত তেওঁৰ শত্ৰুলৰ যিবোৰ নানা লটিঘটি হৈছিল, সেইবোৰৰ বৰ্ণনা দি লেখনী কলুষিত কৰিব নেখোজো। সেই মোকৰ্দমাত পিতৃদেৱতাৰ বিস্তৰ ধন ভগন হৈছিল। ব্ৰেশন নামে (পিছত ইলট বিলৰ সময়ত ভাৰতীয় মানুহক, ঘাইকৈ বঙালীক গালি পাৰি বিখ্যাত হোৱা) এজন ইংৰা ডাঙৰ বেৰিষ্টাৰ, আৰু শৰংচ বামুণী নামে এজন ওখ খাপৰ বঙালী উকিল পিতৃদেৱতাৰ পক্ষ সমৰ্থন কৰিবৰ নিমিত্তে কলিকতাৰ পৰা অমোৱা হৈছিল। ব্ৰেসন অহাৰ আগেয়েই উকিল শৰৎচত্ৰ বাড়ীতে ডিব্ৰুগড় পাই সেই স্থি মোকদ্দমাৰ আল যি কৰি উৰাই দিলে। ব্ৰেন আহি গোৱাৰ পাওঁতেই তাৰে পৰা পিতৃদেৱতাৰ মাতিকে সুবিখ্যাত হাকিম পূৰ্ণামল বৰা “হেচাবে তেওঁক এতোই পঠিয়ালে। সেই নোমাত অহা যোগ্য উকিল বাৰু শৰৎ নুয়ে গাৰ