পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৪ মোৰ জীৱন সোৱৰণ Unanimously passed resolution অৰ্থাৎ সৰ্বসম্মতিক্ৰমে নিৰ্ধাৰিত প্ৰস্তাৱৰ সিদ্ধান্ত লাট আৰু বৰ লাট বাহাদুৰৰ সলৈ দুৰ্ঘোৰ প্ৰতিবাদ স্বৰূপে পঠিওৱা হোৱা নাই, আৰু সেই “বিৰাট” সভাৰ সেই বিষযৰ কাৰ্য্যাৱলী কোনো দৈনিক, সাপ্তাহিক, মাসিক বাতৰিকাকতত প্ৰকাশ কৰি সদিয়াৰ পৰা ধুবুৰীলৈকে তুমুল আন্দোলনৰ তৰঙ্গ ভোলা নাই। কালৰ কি প্ৰবল প্ৰতাপ, আগৰটো আন্দোলনৰ দৰে এই টিকনি- বিনাশনৰ আন্দোলনটোৱেই কালক্ৰমত আমাৰ ঘৰত নিৰ্বান মুক্তি লাভ কৰিলে; আৰু কলে নো কোনে হাতত ধৰিব, যে টিকনি তো এক ৰকম সৰু কথাই, দেখেতে দেখেতেই চাহাবী হেট কোট আৰু পটুলুঙৰ বৰ বৰ কথাবোৰ পৰ্য্যন্ত সৰুৰৰ সৰু একোটি হৈ কেনি সৰকি পলি। পিতৃদেৱতা লক্ষীমপুৰত থাকোতেই কিছুমান দুষ্ট মানুহে ষড়যন্ত্ৰ কৰি তেওঁৰ ওপৰত এটা মিছা অভিযোগ আনে; আৰু সেই অভিযোগৰ বিচাৰৰ নিমিত্তে তেওঁ ডিব্ৰুগড়লৈ যাব লগীয়াত পৰে। তেতিয়া ডাক-জাহাজ বা ৰেল আসামত নাছিল; গতিকে তেও নাৱেৰে আহিব লগীয়াত পৰিছিল। পিতৃদেৱতা বাটত থাকোতেই কিবা স্বৰূপে জুইলাগি ডিব্ৰুগড়ৰ কাছাৰী ঘৰটো পুৰি যায়। তেওঁৰ ওপৰত অভিযোগ আনোতা দুষ্ট মানুহ কেইটাই চেনু পাই, তেওঁ মানুহ লগাই দি কাহাৰী ঘৰটো পোৰালে বুলি ডেপুটি কমিশুমৰ কৰ্ণেল ব্লাক কৈ দিলে। কৰ্ণেল ক্লাৰ্কে কোনো বিচাৰ আৰু বিবেচনা নকৰি, বি ইলৰ “বৰবালানি প্ৰতিবোৰ ৰাত পি নেতা সেলাই তে ডিব্ৰুগড় পালতে তেওঁক যাতত দিলে এই শোকই সেই কালত আসাৰৰ মূৰৰ পৰা সিমূৰলৈকে সকলো যাদু মত তোলাৰ লগাই পেলাইছিল; আৰু সকলোৱে পিত যেতাৰ নিচিনা কি বাৰু পূণ্যাত্মা মানুহৰ বাৰাই তেনে ঋণীয়