২৮ মোৰ জীৱন সোৱৰণ চলাই দি মাহৰ পইচা ককালৰ জালৰ মোনাত ভৰাইছিল। প্ৰথম ভোবৰত তাৰ এনেবোৰ অত্যাচাৰ-অবিচাৰ দোকানী পোহাৰীয়ে ভয়ত নিৰ্বিবাদে সহি হজম কৰিছিল, আৰু সিও “চলাও পোঞ্চি” বুলি সেই ব্যৱসায়ৰ পাথৈ নাওখন ভো-তো কৰে চলাই দিছিল। কিন্তু এদিন ধনীৰ নাও লাগিল ঘপহ, কৰে চটত, আৰু খালে উবুৰি। এনে অত্যাচাৰৰ কোব অসহ হলত বজাৰৰ এজাক দোকানী পোহাৰীয়ে মৰে-জীওঁ সেঁ-আধিকৈ দেউতাৰ আগত “ধনী বৰ ভাণ্ডাৰীৰ” নামে গোচৰ দিলেহি। ধনীয়ে বিপদ সমুপগত দেখি ততালিকে পলাই ফাটু মাৰিলে। “আসামী ফেৰাৰ” দেখি, দেউতাই সেই পোহাৰীবোৰ সিহঁতৰ মাছৰ দাম যিমান দূৰ সম্ভৱ সুখি-পুছি লৈ, দি, বিদায় দিলে, আৰু পিছ দিনা ধনীক বিচৰাই ধৰাই আনি বঢ়িয়াকৈ এজাউৰি কীল-কীৰ্তন দিলে। এই কীল-কীৰ্তনৰ effect শুণ যে সৰহ দিন ধনীৰ গাত আছিল, এনে মনে নধৰে; কাৰণ, সি সেই পাঞ্চৈ নাৰ বেহা ইমান লাভজনক দেখিছিল যে, দিন চেৰেকৰ মূৰতে আকৌ তাত মনপুতি লাগি গল। তাৰ এই ৰোগ দুৰাৰোগ্য হৈ উঠা দেখি দেউতাই তাক “চচপণ্ড” কৰি তাৰ ঘৰ চাওখাটলৈ বদলি কৰি তাৰ ঠাইত তাৰ ককায়েক গোজৰক আনি বাহান কৰিলে। এবছৰৰ পিছত হে ভালেখিনি চেচা পৰা ধনীক আকৌ নাই তাৰ পূৰ্বৰ কামত ভত্তি কৰা হল।