পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭
—ধনী লগুৱাৰ কথা—

সম্পৰ্ক, বাৰী বামুণীৰ আঞ্জাৰ বাটীৰে সৈতে মাছৰ সম্পৰ্কেৰে ৰিজালেও বেছি ৰেঙাই নাযায়। সি তাৰ আত্মসম্মান নিখুট ৰাখিবলৈ অনেক ৰকম টেঙৰালিৰ আশ্ৰয় লৈছিল; যেনে—পলৈয়াহঁত বামলৈ উঠিলে সিহঁতৰ পৰা খুজি-মাগি নাইবা ডকা-হকা দি দুটা-চাইটা মাছ আনি আমাৰ ঘৰত দি, সেই মাছ তাৰ পলত পৰা বুলি, একুৰি এটা মিহা কথাৰে বুকু ফিন্দাই কৈ বাহাদুৰী লৈছিল। কিছুদিনলৈকে যদিও সকলোৱে তাৰ কথাৰ তলানলা ধৰিব নোৱাৰিছিল, কিন্তু তলি-ফুটা পানীৰ কলহৰ দৰে তাৰ এই মহতালি-কথাৰ তলিত ফুটা থকা বাবে অচিৰতে তাৰ সম্ভেদ তাৰ গুণগ্ৰাহীসকলৰ আগত ওলাই পৰিল আৰু তাৰ বাহাদুৰীৰ বৰ নাও অচল হল। মাঘৰ বিহুত হাঁহ-কণী যুজোৱা বিদ্যাতো ধনী পিছ পৰা নাছিল। কিন্তু তাৰ মাছধৰা বিদ্যাৰ দৰে, হাঁহ-কণী যুজোৱা বিদ্যাতো শীঘ্ৰে জাল-জুৱাচৰি ধৰা পৰিল। খবৰ পোৱা গল যে ওৰে দিনটোৰ মূৰত যে সি এপাচি মূৰ ভগা হাঁহ- কণী নিজৰ জয়লব্ধ চিন (trophy) স্বৰূপে ঘৰলৈ আনিছিল, তাৰো তিনি ভাগৰ দুভাগত পানী দিয়া (adulterated ), অৰ্থাৎ সেই এটাইবোৰ তাৰ স্বোপাজ্জিত নহয়, লোকৰ পৰা খুজি মাগি বা ডকা-কা দি আনি তাৰ লেখ বঢ়োৱা।

 মুঞ্চেফ হাকিম ডাঙৰীয়াৰ বৰ লগুৱা বুলি ধনীক হাটৰুৱা, বাটৰুৱা, দোকানী, পোহাৰীয়ে খাতিৰ আৰু ভয় কৰিছিল; আৰু সি সেই অৱস্থাৰ সুবিধাটো ষোল অনাৰ উপৰি আদায় কৰিবলৈ ত্ৰুটি নকৰি- ছিল। লাহে লাহে তাৰ দুষ্টামিৰ জোখ ইমান বাঢ়ি উঠিছিল, যে সি মাছ কিনিবলৈ আমাৰ ঘৰৰ পৰা পইচা লৈ গৈ সেই পইচা পোহাৰীক দিয়া অভ্যাসটো বদ্‌ অভ্যাস থিৰাং কৰি একেবাৰেই তাক পৰিত্যাগ কৰিছিল, আৰু বলেৰে পোহাৰীৰ পৰা মাছ কাঢ়ি নি সেই মাছৰ পইচাৰে কিনি অনা বুলি বঢ়িয়াকৈ আমাৰ ঘৰত