পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-কমলাবাৰীৰ প্ৰতি ভক্তি মহাপুৰুষ মাধৱদেৱৰ প্ৰিয়তম শিষ্য, উজনিত মহাপুৰুষৰ গাৰ বদল নিৰ্বিকাৰ পদ্ম আতা বা বদুলা আতাৰ থান কমলাবাৰী পিতৃদেৱতাৰ প্ৰাণ, আৰু কমলাবাৰীৰ গোসই ভকতসকল বুকুৰ সম্বল আহিল। এই সত্ৰ আৰু ভকতৰ অৰ্থে তেওঁ যথা সৰ্বৰ দিবলৈ সদায় সাহু আছিল; আৰু দিছিলও। পিতৃদেৱতাই সদায় কৈছিল, “মহাপুৰুষ গুৰুজনে নিজৰ নাৱৰ পৰা সৰ্ব্বহ পানীত দলিয়াই পেলাই দি ভক্ত বস্তুক তুলি লৈছিল; এতেকে ভক্ত বস্তুতকৈ শ্ৰেষ্ঠ বন্ত নাই। মোৰ মনত আছে, দলে দলে কমলাবাৰী সত্ৰৰ তত সদায় দেউতাৰ ওচৰলৈ অহা যোৱা কৰিছিল, আৰু সি আদি খাদ্য দ্ৰব্য সাৰৰ উপৰিও থানৰ কীৰ্ত্তন ঘৰত তেওঁলোকে জাৰ কালি গাতলৈ বহি নাম গাবলৈ ৰঙা বানত, একোন লাভ কৰিছিল। এইটো নিশ্চয়কৈ কৰ পাৰে, যে কমলাবাৰী, বৰপেটা, মধুপুৰ সত্ৰৰ গোৰ্সই ভকতসকলক দান কাৰ্যত পিতৃদেৱতাৰ মাহে মাহে দৰমহাৰ আদখিনি ধন ভগন হৈছিল। দেউতা লক্ষীপুৰত থাকোতেই কমলাবাৰী সত্ৰত কল উপস্থিত হৈ সত্ৰখন দুভাগ হৈ ফাটি, এগ আঁতৰি থাৰি বা ন কমলাবাৰী সত্ৰ হয়, আৰু এই নতুন সত্ৰৰ ঘাই ধৰণি পিতৃদেৱত হৈছিল।