পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬
মোৰ জীৱন সোৱঁৰণ

তোলনক অকল “তোলন,” ঘিণলাগীক অকল ‘ঘিণলাগী’ বুলি আমি মাতিলে আমাৰ অভিভাবকসকলৰ পৰা ডাবি খাইছিলোঁ।

 তিনিও ভায়েক ককায়েকৰ ভিতৰত ধনী টেঙৰ, বলী, বুধিয়েক, খৰ, ৰঙিয়াল, অঘাইটং আৰু কামত সন্তোষ দিব পৰা আছিল। দিনে-ৰাতিৰে আমাৰ ঘৰৰ এশ-এটা কাম ধনীয়ে উছাহেৰে কৰি, সুবিধা পালেই ৰং-ধেমালিৰে আমাক আমোদ দিছিল। তাৰ বৰণ ক'লা বগাৰ মাজতে, গা, হাত-ভৰি আটিল আৰু পেটত এটা ডাঙৰ মেৰুণ আছিল। ধনীয়ে সদায় সকলোকে কৈছিল, যে মেৰুণটো তাক ঈশ্বৰে হেনো ধন ভৰাই থবলৈ দিছে, আৰু সেই দেখি তাৰ নামটোও ধনী। আনে তাৰ এই কথাত হাঁহিছিল, কিন্তু মই সেই কথাত ভালেমান দিনলৈকে নিৰহ-নিপানীকৈ পতিয়াই আছিলোঁ। ধনীৰ তেতিয়া ভৰ ডেকা বয়স। গাৰ বল আৰু মনৰ স্ফুৰ্ত্তিত সি খোলাত ভজা আখৈ ওফৰাদি উফৰি ফুৰিছিল আৰু উফৰি ফুৰাটোৱেইতাৰ normal condition সহজ অৱস্থা আছিল। তাৰ গাত উপচি পৰা বলে তাক ইমান দিগ্ দিছিল, যে তাৰ শাৰীৰ কোনো সমনীয়া ডেকা দেখিতে সি উপযাচি আগবাঢ়ি গৈ তাৰে সৈতে এখুন্দা যুঁজবাগৰ নকৰি নোৱাৰিছিল; আৰু যুঁজৰ জয় পৰাজয় নামৰ দুইটা মিঠা তিতা ফল অম্লান বদনে গিলিছিল। দুপৰীয়া পল বোৱা মানুহৰ উকি কাণত পৰিলেই ধনীৰ গা সাতখন-আঠখন হৈ পৰিছিল, আৰু সেই মুহুৰ্ততে সি সকলোৰে হাক-বচন গালি-শপনি কাতিকৈ থৈ ঘৰৰ সকলো কাম এৰি হাতত পল লৈ মাছ মাৰিবলৈ লৰিছিল; আৰু কেতিয়াও সুদাহাতে নুভতিছিল। সুদহাতে নোভতাৰ মানে যে, সদায় সি মাছ ধৰা কাৰ্য্যত কৃতকাৰ্য্য হৈছিল এনে নহয়, বৰং ষোল অনা দিনৰ ভিতৰত পোন্ধৰ অনা দিনত তাৰ ওলোটাটোহে সংঘটিত হৈছিল। উপমা দি কবলৈ গলে মুঠতে ধনীৰ পলৰে সৈতে মাছ