—বিদ্যাৰম্ভ ছিপাহী বিদ্ৰোহৰ ঢৌৰ কোব অসমতো আবিষ্কাৰ কৰাৰ সম্পৰ্কে বিশেষৰূপে খ্যাতি লাভ কৰোতা হৰনাথ পৰ্বতীয়া বৰুৱাৰ কোঠ পুত্ৰ শ্ৰীযুত হলিৰাম বৰুৱা (যি পিছত একৃষ্ট। এচিষ্টেণ্টৰ পদ পাইছিল) কাছাৰিত হেডক্লাৰ্ক পদতেই হওক বা আন কোনো তেনে পদতেই হওক, লক্ষীমপুৰলৈ আহি আমাৰ টোলতে, দেউতাই সাই দিয়া ঘৰত আছিলহি। তেওঁ হিন্দুৰ অখাদ্য চৰাই-কুকুৰা ভোজন কৰে বুলি মিছাকৈ কোনে মোৰ মনত বিশ্বাস জন্মাই দিছিল কব নোৱাৰে, সেই দেখি পৰা পক্ষত তেওঁৰ ঘৰৰ ফালে মই নগৈছিলো। সম্ভৱতঃ তেওঁ নিজেই মোৰে সৈতে কৌতুক কৰিবলৈ সেই কথা কই মোক ভয় খুৱাইছিল; কাৰণ মোৰ মনত আছে, এদিন তেওঁ তাত খাবৰ সময়ত, মোক মাতি নি তেওঁৰ বাটীত থকাৰ-চৰাই আজ দেখুৱাই মোক কুকুৰাৰ আঞ্জা বুলি কৈ তাৰে সৰু হাড় এড়োৰ মোৰ গাৰ ফালে দলি-মাৰি দিছিল, আৰু মই চুৱা হবৰ ভয়ত একে লৰে আমাৰ ঘৰ পাইছিলোঁহি। শ্ৰীযুত হলিৰাম বৰুৱাৰ ওপৰত মোৰ বিতৃষ্ণা জন্মাৰ আৰু এটা কাৰণ ঘটিছিল। দিনচেৰেকৰ আগতে তেওঁৰ ঘৰৰ চালত এটা দুদু পৰিছিল; আৰু সেইটো সমলৰ কথা দেখি তেওঁ পূজা শান্তি-কৰম আদি কাৰ্য্য বামুণৰ হতুৱাই কই, সেই অমঙ্গলৰ প্ৰতিবিধান কৰিব লগীয়াত পৰিছিল। এদিন মই গধূলি চেমৰীয়া আৰু তেখেতৰ অনুৰ সহোৰ এনাথ আৰু লীনাথ চেঙে। সিবিলাকৰ সমনীয়া আলি মোৰ বৰ-ককাইদেৱ মোন চন্দ্ৰ গোহাঞি বৰা। অনাথ আৰু মীনাথৰ লগত নোহব বিশেষ এণৰ আৰু বতা আছিল। সিবিলাক তিমিলে, বিশেষকৈ লীনাথৰ বোৱাত বৰ ৰাণ, আলি।” মাধৰ বেৰুৱা
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/২৯
অৱয়ব