পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪
মোৰ জীৱন সোৱঁৰণ

মোৰ পাঠ্য বঙ্গলা কিতাপ এখন পঢ়ি থাকোঁতেই তেওঁ আহি মোৰ ওচৰত বহিল। কিতাপ খনত এটা ফেঁচাৰ ছবি আছিল। তেওঁ ছবিটো দেখিয়েই, ততালিকে মোৰ আগতে জিয়াচলিৰ কাঠী এট। মাৰি তাৰে ফেঁচাটোৰ মুখাগ্নি কৰিলে। ফেঁচাৰ মুখেৰে অলঙ্কৃত মোৰ কিতাপৰ পাতটোৰ সেই ডোখৰ পুৰি গৈ তাত ডাঙৰ ফুটা এটা হল। মুখাগ্নি কৰা ফেঁচাৰ শোকাগ্নিত মোৰ কুমলীয়া মনৰ এডোখৰ দগ্ধ হৈ গল; মই কান্দিবলৈ ধৰিলোঁ। মোক যদিও ঘৰৰ আন মানুহে নানা কথা কৈ চেচনি-বুজনি দি কিছুমান বেলিৰ মূৰত শান্ত কৰিলে, কিন্তু মোৰ dislike বিতৃষ্ণা শ্ৰীযুত বৰুৱাৰ প্ৰতি আৰু বদ্ধমূল হল। ঘাইকৈ আৰু এইবাবে যে, ফেঁচা-পোৰা বৰুৱা ডাঙৰীয়াই তেওঁৰ দুস্কৃতিৰ নিমিত্তে এখুদমানো অনুতাপ নকৰি, আৰু মোৰ শোকাগ্নি নিৰ্ব্বাপণ কৰিবলৈ এতিলমানো চেষ্টা নকৰি, লঙ্কা দাহ কৰি হনুমন্তই নিজৰ বিবেকত এটা বেজাৰৰ খোচকো অনুভৱ নকৰাকৈ বীৰদৰ্পে আশোকবনলৈ গুচি যোৱাদি মোৰ কাষৰ পৰা উঠি বুকু ফিন্দাই নিজৰ ঘৰলৈ গুচি গল।

 আমাৰ ঘৰৰ কাষতে তোলন সাজতোলা নামেৰে ডিহিঙৰ গোসাঁই সাজতোলা এজন আছিল। সাজতোলা বয়সত বুঢ়া, জাতত আহোম, আৰু দিহিঙৰ গোসাঁইৰ বৰ নিষ্ঠাবান সেৱক আছিল৷ নাৰ-এল গত-পদ আদিত সদায় তেওঁৰ ৰতি আছিল দেখি, আৰু দেউতাক বৰ মান-সৎকাৰ উপাসা-তৰসা কৰি চলিছিল দেখি, সাজতোলাক দেউতাই বৰ ভাল পাইছিল। আমিও ভাল পাইছিলোঁ। সাজতোলা ঘৈণীয়েক, পুতেক, বোৱাৰীয়েকেৰে সমৃদ্ধিশালী আছিল।