শিকিবলৈ উৎসাহিত কৰিলে। লক্ষীম্পুৰত তেতিয়া ইংৰাজী-বাঙ্গলা কোনো বিধৰ স্কুল নাছিল। মোৰ অগ্ৰজ দুজন আৰু মোতকৈ ডাঙৰ ভাগিন এজনৰ ইংৰাজী শিক্ষাৰ সুবিধাৰ নিমিত্তে, আৰু লগে লগে স্থানীয় মানুহৰ লৰাকো সেই সুবিধা প্ৰদান কৰিবৰ নিমিত্তে অহো- পুৰুষাৰ্থ কৰি দেউতাই লক্ষীম্পুৰত এটা ঘৰ সজাই ইংৰাজী স্কুল এখন স্থাপন কৰিলে। সেই স্কুলত মাষ্টৰী কৰিবৰ নিমিত্তে শিৱসাগৰৰ পৰা তীৰ্থনাথ উকিলৰ পুতেক পদ্মনাথ শৰ্মা নামে, আমাৰ দূৰ সম্পৰ্কীয় আত্মীয় এজনক দেউতাই লক্ষীম্পুুৰলৈ আনি নিজৰ ঘৰতে আশ্ৰয় দি ৰাখিলে, আৰু দুই-তিনিজন ইংৰাজী জনা মানুহ সংগ্ৰহ কৰি তেওঁ- লোককো মাষ্টৰ নিযুক্ত কৰিলে। দেউতা লক্ষীম্পুৰত মুন্চেফ্ হৈ থকা ডোখৰ কালত সেই স্কুল সুন্দৰৰূপে চলিছিল।
লক্ষীম্পুৰীয়া স্মৃতিৰ ভিতৰত আৰু এজন সজ লোকৰ কথা মোৰ মনত আছে। তেওঁৰ নাম শ্ৰীযুত বিণাৰাম বৰুৱা মৌজাদাৰ। মৌজাদাৰ বিণাৰাম বৰুৱা পুৱা-গধূলি সদায় আমাৰ ঘৰলৈ আহিছিল, আৰু দেউতাৰ বৰ প্ৰিয়পাত্ৰ আছিল। আমি লৰাবোৰেও তেওঁক নথৈ ভাল পাইছিলোঁ; কাৰণ তেওঁ বৰ নিৰ্জু মানুহ আছিল, আৰু আমাক বৰ মৰম কৰিছিল। কোৱা বাহুল্য যে মৰমে লৰাৰ মন যেনেকৈ আকৰ্ষণ কৰি মৰম কৰোতাৰ ফালে টানে, আন একোৱে তেনেকৈ নোৱাৰে। তেওঁ দেউতাৰ কাষৰ পৰা আঁতৰিলেই তেওঁৰ কোলা আমাৰ দখললৈ সম্পূৰ্ণৰূপে এৰি দিছিল। তেওঁ গা-গাৰিয়ে শকত-আবত মালি; বৰ ক্ষীণোৱাও নাছিল; ওখইও মজলীয়া বিধৰ আছিল! দেউতাৰ কাষত বহি নিজৰ কাপ-মৈলাম লৈ, তেওঁ সেই কালৰ ডাঙৰ ঘূৰণীয়া ৰঙা-কলা ছাবৰ ষ্টাম্প-কাকতত খৎ-দলিল ইত্যাদি লেখা দেখিছিলোঁ। তেওঁৰ তিনটি পুতেক আছিল; তেওঁলোক সততে আমাৰ ঘৰলৈ আহি আমাৰে সৈতে ধেমালি-ধূমুলা