পৃষ্ঠা:Mor Jeevan Sowaran.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০
মোৰ জীৱন সোৱঁৰণ

নোৱাৰোঁ। কাৰণ লেখা পঢ়াত মই বৰ চোকা-বুধীয়া বুলি কেতিয়াও খ্যাতি লাভ কৰা মোৰ মনত নাই। পিছৰ কালৰ স্কুল কলেজতো মই a boy of mediocre ability অৰ্থাৎ মজলীয়া বিধৰ লৰা বুলিয়েই চলি গৈছিলোঁ। ক, খ লেখিব পঢ়িবলৈ শিকাৰ পিছত, মদন মোহন তৰ্কালঙ্কাৰৰ বঙ্গলা ‘শিশুশিক্ষা’ প্ৰথম ভাগ মোক দিয়া হল, সেই কালত দেশাধিকাৰ সকলৰ বিপৰীত বুদ্ধিৰ বলত বঙ্গলা ভাষাহে অসমৰ বিদ্যালয়বোৰত শিকোৱা হৈছিল, অসমীয়াৰ আচল মাক অসমীয়া ভাষাই বকৰাণিত হে ঠাই পাইছিল, আৰু বিদেশিনী বঙলা ভাষাই আইৰ ঠাই অধিকাৰ কৰি লৈ অসমীয়া শিশুবোৰৰ মুখত মাতৃ স্তনৰ সলনি “ফিডিং বতল’’ অৰ্থাৎ গাখীৰৰ কল দি সিহঁতক “কাল কাক, ভাল নাক” শিকাই তেওঁৰে সৈতে “খিলি খাই, মিলি যাবলৈ” কৈছিল! ঈশ্বৰৰ চৰণত সেৱা, যে কালক্ৰমত দেশাধিকাৰ সকলৰ এই ভ্ৰম ভাগিল, অসমীয়াই মাতৃ-স্তনৰ স্বাভাবিক ক্ষীৰধাৰা পান কৰিবলৈ পাই নিজক ধন্য মানিলে, অসমীয়াৰ মাতৃভাষা যে অসমীয়া হে, বঙ্গলা নহয়, এই সত্য পুনৰ দৃঢ়ভাৱে সু-প্ৰতিষ্ঠিত হল।

 পিতৃ-দেৱতাৰ গাত এটা লক্ষণ বৰ পৰিস্ফুট আছিল। তেওঁ যদিও অতি নিষ্ঠাবান পুৰণি ধৰণৰ হিন্দু আছিল, কিন্তু তেওঁৰ মন সদায় আচৰিত ৰকমে Progressive অৰ্থাৎ উন্নতি-শীল আছিল। সময়ৰ সোঁতৰ বিৰুদ্ধে অনিয়ন্ত্ৰিতভাৱে থিয় হোৱাটো তেঁও অনুচিত বিবেচনা কৰিছিল; বৰং দেশ-কাল-পাত্ৰ বুজি তেওঁ অনেক কথাত সময়ৰ সোঁতৰ গতিত বাধা দিবলৈ চেষ্টা নকৰি সহায়তা হে কৰিছিল। তেওঁ যেতিয়া দেখিলে যে, ইংৰাজ ৰজাৰ ৰাজ্যত থাকি ইংৰাজী ভাষা, ইংৰাজী-বিদ্যা নিশিকিলে মানুহৰ অৱস্থা পানীৰ পৰা বামলৈ তোলা মাছৰ দৰে হয়, তেওঁ নিজেও অলপ-চলপ ইংৰাজী শিকিবলৈ ধৰিলে, আৰু নিজৰ লৰাবিলাককো ইংৰাজী স্কুলত নাম লগোৱাই দি ইংৰাজী