পৃষ্ঠা:Mor Jeevan Sowaran.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯
—বিদ্যাৰম্ভ—

কাবৌ কৰি কলো “ককা প্ৰসন্ন হোৱাঁ! এইটো সুতুলি; তুমি তাক শিলত আফালি চুচুৰ্মৈ কৰা বা যি মন যায় কৰা; মই আৰু সুতুলি নবজাও!”


—বিদ্যাৰম্ভ—

 এদিন শুনিলোঁ, মোৰ বিদ্যাৰম্ভ কৰা হব। মোৰ মহানন্দ মিলিল-পুথি পঢ়িব পাৰিম, কিতাপ পঢ়িম পাৰিম, মানুহলৈ চিঠি লেখিব পাৰিম। ভাল দিন-বাৰ এটা চোৱাই এদিন সেই কাৰ্য্য সুসম্পন্ন কৰোৱা হল। আমাৰ গুৰু-ঘৰ কমলাবাৰী থানলৈ সোণৰ ফুল এপাহ আগ-কৰা, ঘৰত বামুণৰ হতুৱাই পূজা কৰোৱা, নিজৰ নাম- ঘৰত ভালকৈ শৰাই এখন দি সকলোৱে মিলি-জুলি নাম গোৱা, আৰু নামৰ অন্তত ৰবিনাথ ককাই, মই দীৰ্ঘায়ু আৰু সৰ্ব্ব-বিদ্যবিশাৰদ হৈ পিতৃ-কুল মাতৃ-কুল উজ্জ্বল কৰিবৰ অৰ্থে বিশেষ ৰূপে উচ্চাৰণ কৰি আশীৰ্ব্বাদ কৰা কথাৰ স্মৃতি মোৰ মনত স্পষ্টকৈ পৰি আছে।

 প্ৰথমতে ককাই মোক কলাপাতত ক, খ, লেখিবৰ কৌশল শিকায়; আৰু দিনৌ কলাপাত কাটি আমি কেনেকৈ তাক ধূলিৰে মোহাৰি চাফ্-চিকুণ কৰি লৈ তাত আখৰ লেখিব লাগে তাৰ দিহা কৰি দিয়ে। খাগৰিৰ কাপ্ কাটি লবলৈ, আৰু কেৰাহীৰ বা মাটিৰ চৰুৰ গাত লাগি থকা ছাইত চলু-চলুকৈ গৰু-মূত সানি মহী কৰিবলৈ, আৰু মহী থবলৈ মাটিৰ বা বাঁহৰ চুঙাৰ মৈলাম আৰু সেই মৈলাম বাৰত আৰি থবলৈ মৈলামৰ কানত জৰি লগোৱা ইত্যাদি বিদ্যাও ৰবিনাথ ককায়েই মোক দান কৰে।

 বিদ্যাৰম্ভ কৰি ক-ফলা পঢ়ি দুদিন চাই-দিনতে যে মই পাকৈত হৈ উঠিছিলোঁ, এনে তীক্ষ্ন-বুদ্ধিৰ লৰা বুলি মই মোক কেতিয়াও ভাবিব