পৃষ্ঠা:Mor Jeevan Sowaran.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬ মোৰ জীৱন সোৱৰণ উমলিবলৈ পঠিয়াই দিছে। সৃষ্টিৰ এনে সহজ ব্যাখ্যা সহজভাৱে তেতিয়াই মোৰ মনত উদয় হৈছিল। শৰ্মাদেৱে প্ৰতিমা গঢ়ি তোলাৰ প্ৰত্যেক কাৰ্য্যৰ অংশতে মোৰ কৌতূহলৰ চকু পৰিছিল। ধল, হেঙুল, হাইলৰ বৰণ পিহাসনা কাৰ্যই প্ৰতিমাৰ গা, হাত, ভৰি, মুখ উজ্জ্বল কৰাৰ লগে লগে মোৰো মন উজ্জ্বল কৰি তুলিছিল। মনত আছে, এদিন দুৰ্গেশ্বৰ শৰ্মা দেৱক সুধিছিলো-“দুৰ্গেশ্বৰ ককাইদেউ, এই হেঙুল হাইতালবোৰ কত পোৱা যায়?” তেতিয়া বেলি পৰিছে। পশ্চিম আকাশ বিচিত্ৰ বৰণেৰে চিত্ৰিত হৈ উঠিছে। তেওঁ ততালিকে সেই ফালে আঙুলিয়াই দেখুৱাই কলে “এইবোৰ মই সৌ তাৰ পৰা আনিছো। মই সুধিলে, “আমিও আনিব নোৱাৰনে? তেওঁ উত্তৰ দিলে “তহঁতে নোৱাৰ। গোৰ্সানী পূজাৰ সময়ত মই আকাশী দেৱতাক খুজি আনোমোক হে দিয়ে।” মই মিনতিকৈ কলো, “ককাইদেও, মোকো-চপৰাচেৰেক আনি দিয়ক।* “বাৰু দিম”। ইয়াৰ পিছত মই তেওঁৰ সেই প্ৰতিশ্ৰুতি তেওঁক নাৱৰাই দিবলৈ অনেক দিনলৈকে নাপাহৰিছিলো। কিন্তু তেওঁ “দিম দিম” কৰি লাহে লাহে গা এৰা দিলে দেখি মই হতাশ হৈ আৰু খুজিবলৈ এৰি দিলো। শৰ্মাদেৱৰ প্ৰতিমা সাত লাচনি-পাচনী কাৰ্যেৰে “মৎ” দিয়াৰ বেচ বৰূপে এদিন তেওঁ সেই খচা কুমাৰ-মাটিৰে এটা সুতুলি সাজি মোক দিলে; আৰু কেনেকৈ ফুটাত মুখ দি ফুৰাই বলাব লাগে সেই কৌশলটোও শিকাই দিলে। মই কৃতজ্ঞ মনেৰে তুলিটো হাতত লৈ দুবাৰ-চাৰিবাৰৰ ব্যৰ্থ চেষ্টাৰ পিছত, মোৰ মুখৰ ফুৰে আৰু লৰ বুলনিৰে যেতিয়া তুলিৰ সুৰ তুলিলো, আৰু ক্ষন্তেকতে তাৰ মিহি 'কশন-নিৰে দশোশি কপাবলৈ ধৰিলো, মোৰ কয়-তীৰ আনন্দ শনো ততোধিক হৈ উঠিল। কৰবাত এডোখৰ আখৰৰ নভেগ তেওঁ কলে