পৃষ্ঠা:Mor Jeevan Sowaran.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লক্ষীপুৰ দেবীক কুতুৰি কুতুৰি খুজি একোটা ডবল পয়ছা লৈ গৈ তাৰে সোণাৰিৰ হতুৱাই একুটি সৰু খুৰি-বাটী সজাই লৈছিলোঁ, আৰু সেই খুৰিত মোৰ কোমল মনৰ মৰম এখুৰিকৈ ভৰাই আপুৰুগীয়াকৈ সাচি থৈছিলে॥ মনত আছে, এই সোণাৰিৰ হতুৱায়ে দেউতাই আইলৈ ১২০০ টকা বেচৰ এজোৰ সুন্দৰ বাখৰ পতোৱা খাৰু গঢ়াই লৈছিল। সোণাৰি শালত সেই খাৰু বোধনৰ দিনাৰে পৰা বিসৰ্জনৰ দিনালৈকে তাৰ সকলো অৱস্থা মোৰ সাগ্ৰহ আৰু সকৌতুক নিৰীক্ষণৰ বিষয় হৈছিল। সিধাই সোণাৰিৰ জয়া নামেৰে সোণাৰি-গী দিপলিপ, হোৱালী এজনী আছিল। মোক কোনে কৈ দিছিল কব নোৱাৰে, অনেক দিনলৈকে মোৰ মনৰ এচুকত এটা ধাৰণাই ঠাই পাইছিল যে সেই ধুনীয়া ছোৱালীটি সিয়ে নিজৰ সোণাৰিশালতে গঢ়ি উলিয়াইছিল। এয়া আমাৰ ওমলাৰ লগৰীয়া হৈছিল; কিন্তু সততে নহয়, চকাচমকাকৈহে। দুৰ্গেশ্বৰ শৰ্মা নামেৰে আমোণ এলে আমাৰ ওচৰ-চুবুৰীয়া আছিল। তেওঁৰ ঘৰতত আমাৰ সমাগৰ এটা নাছিল; ঘাইকৈ দুৰ্গোৎসৱৰ এমাহ মানৰ আগৰ পৰা। দুৰ্গেৰে নিৰৰ বিদ্যা জানিছিল। নিজৰ ঘৰৰ পূজাৰ নিমিতে তেওঁ নিজ হাতে প্ৰতিমা সাৰিছিল। প্ৰতিমা সাজিবলৈ আৰম্ভ কৰা দিনৰে পৰা তেওঁৰ কাত নামাৰ সমাগম। কি উৎসাহেৰে মই প্ৰতিমাৰ নিমিতে বোকা-চা, দুমুখি আদি কাৰ্যত শৰ্মাৰ সহায়ক হৈছিলো আৰু লগে লগে নিজৰ কল্পনাৰ সহায়েৰে মোৰ মনোৰ্বতিকো টি বাড়ি মনতে কি অপৰূপ মায়াপুৰী সালিহিলো, বিলে শৰীৰত ৰোমা । মই ভাবিছিলো, দুৰ্গেশ্বৰ খনিকৰে যেনেকৈ এই প্ৰতিমা প্ৰত্যেক অংশ নিৰ সুনিপুণ হাতেৰে পঢ়ি তুলিব লাগিয়ে আমাকে আমাৰ বৰ খনিকৰ ঈশ্বৰে সেইদৰে পৰিশ্ৰম কৰি গঢ়ি এই পৃথিবীত