দ্বিতীয় আধ্যা। লক্ষীমপুৰ- তেজপুৰৰ পৰা পিতৃদেৱতা লক্ষীপুৰলৈ বদলি হল; আৰু আমি ছবিোৰে লগে লগে লক্ষীপুৰ পালোহি। আহিয়েই আমি কাৰ ঘৰত উঠিছিলোঁ, মনত নাই; কিন্তু দেউতাই দহ-বাৰ দিনৰ ভিতৰতে টোল, ঢাপ, টাটী, চকোৱাৰে সম্পূৰ্ণ কৰি সজোৱা আহল বহল ন ঘৰলৈ নোৱাটো মনত আছে। আৰু মনত আছেন ঘৰ লোৱাৰ দিনা হোৱা নাম-প্ৰসঙ্গ পূজা-সেৱাৰ উৎসৱৰ আহল-বহল উছাহটো। আমাৰ ঘৰৰ ওচৰতে সিদ্ধেশ্বৰ নামৰ সোণাৰি এজনৰ ঘৰ আছিল। তেওঁ সোণৰূপৰ লাৰ গঢ়া কাম কৰিছিল দেখি সকশোৱে তেওঁক সিধাই শোণাৰি বুলিছিল। যেতিয়াই সুবিধা পাইছিলে, আমি সিই সোণাৰিৰ সোণাৰি শানলৈ শুভাগমন কৰি তাত বহি একান্ত মনে, তেও কেনেকৈ সোণ ৰূপ মহীত দি ছাগলী ছালৰ তিৰে ফোচ, ফাচ, কৈ বতাহ দি গলাই লৈ নমাই চেচা পানীৰ চত জুবুৰিয়াই অলপ টান কৰি নিয়াৰিৰ ওপৰত থৈ হাতুৰিৰে কোবাই কোনো এবিধ অলকাৰ বা আন বস্তু গঢ়িছিল, সেইবোৰ অতি মৰু যোগেৰে সৈতে নিৰীক্ষণ কৰি কৌতুহল চৰিতাৰ্থ কৰিছিলোঁ। সিয়ে কেৰু মণি আৰু বাৰুত কেনেকৈ বাখৰ পতাইছিল, কেনেকৈ মিলা কৰিছিল, ৰঙা, নীলা আৰু কলপতীয়া কাচৰ মণি ভাঙিতাৰ একোটুকুৰা সঁচা বাখৰৰ শাৰীত, ধৰিব নোৱাৰাকৈ কেনেকৈ বহুৱাইছিল, ইত্যাদি কাৰ্য্য আমি ইমান আগ্ৰহেৰে লক্ষ্য কৰি আমোদ পাইছিলোঁনেমে সমত উৎসাহ সেঁতত মগ্ন হৈ ভাতীত হাত লগাই সোণবিক সহায় কৰি নিক কৃতাৰ্থ মানিছিলো। একো একো দিন মই মাছ