পৃষ্ঠা:Mor Jeevan Sowaran.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বি-ককাৰ কথা- কাৰণ, ককা আমাৰ ককা , আমাৰ ককা আমাৰ ধেমালিৰ লগৰীয়া, আৰু সাধুকথাৰ ডাঙৰ থুক। এটা মহৎ গুণ ককাৰ গাত আছিল; তেওঁৰ অন্তৰটো বৰ কোমল। আমাৰ উদ্ভণ্ডালিৰ বাবে দেউতাৰ হাতত মাৰ খুৱাবৰ গুৰি যদিও তেৱেঁই হয়, কিন্তু দেউতাই আমাক একোব দুকোব লগাও তেই তেৱেই আকৌ আমাৰ ওপৰতে পৰি আমাক মাৰৰ হাতৰ পৰা ৰক্ষা কৰে। সেইভোৰ কালত ককাৰ বয়স ৩৫ অৰ কম আৰু ৪০ অৰ ওপৰ নাছিল। কিন্তু তেতিয়াও তেওঁ অবিবাহিত। আমি যতদূৰ জাননা, আগৰ দিনত অসমীয়াৰ ভিতৰত মতা মানুহে কম বয়সত বিয়া কৰোৰা দস্তুৰটো নাছিল বুলিলেই হয়। ডেকা ত্ৰিশ-পয়ত্ৰিশ বছৰীয়া হৈ উপাৰ্জনক্ষম হলেহে তেওৰ বিয়াৰ চেষ্টা কৰা হৈছিল। কি কি দুখৰ বিষয় আজি কালি বঙ্গদেশৰ ঢৌৱে কোবোৱা বাবেই হওক নাইবা অসমীয়া ভদ্ৰসমাজৰ অৱস্থাৰ কোনো কাৰণত, পৰিবৰ্তন ঘটাৰ বাবেই হওক, সেই পুৰণি healthy সুস্থ প্ৰথা কমি আহি তাৰ ঠাই বঙ্গদেশৰ নিচিনা, শহুৰ-শাহুৰ পৰা ধন লৈ কম বয়সত বিয়া কৰোৱা (early marriage) ঘৃণিত প্ৰথাই অধিকাৰ কৰি আহিছে। অসমীয়াৰ ঘৰত বঙালীৰ সাৰীৰ আক্ৰমণৰ উপদ্ৰৱৰ নিচিনা ইও এটা আখি- ভৌতিক উপদ্ৰৱ মাথোন। আই আসাম! তুমি এই উপদ্ৰৱৰ প্ৰতিবোধ কৰিব নোৱাৰা নে? নিশ্চয় পাৰিবা। এই উপদ্ৰৰ তোমাৰ ক্ষন্তেকীয়া আত্ম-বিস্মৃতিৰ ফল মাখোন! তেজপুৰতে এবৰ দুখীয়া ব্ৰাহ্মণৰ ছোৱালী এজনীৰে সৈতে দেউতাই ককাৰ বিয়া পাতে। বিয়াৰ দিনাৰে পৰা ককাৰ পত্নী আমাৰ ঘৰতে থাকি ডাঙৰ দীঘল হয়। আমাৰ চুটিমুটি বুঢ়ী আইক পাই নামাৰ মন আনন্দেৰে উপচি পৰিল। বুঢ়ীয়ে সততে আমাৰ ধেমালিৰ লগৰিয়ানী হল।