পৃষ্ঠা:Manomati.pdf/৯৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৩
পমীলাৰ দৌত্য

 লক্ষ্মীকান্ত-—কিন্তু বৰনগৰীয়া বৰুৱাই মোক তেওঁৰ শত্ৰুৰ পুতেক বুলি নিঘিণাবনে?”

 পমীলা—“আমাৰ বৰুৱা তেনে মনৰ মানুহ নহয়, এইটো মই ডাঠকৰি কব পাৰোঁ। তেওঁ কেৱল অলপ শোপাঢিলা বিধৰ মানুহ। এই সময়ত আৰু এই সুবিধাতে আপোনালোকৰ ঘৰে আৰু আমাৰ ঘৰে মিল হবলৈকো বৰ ভাল হৈছে। মই আজি ৰাতিয়েই বৰুৱাক সকলোবিলাক কথা জনাই সকলো থিৰ কৰি থম। কালি ৰাতিপুৱাই আপোনাক আগ বঢ়াই দিম।

 লক্ষ্মীকান্ত—কিন্তু নিশা মই ইয়াত থাকিম বুলি দেখোন। কৈ অহা নাই।”

 পমীলা—“আপোনাৰ লগৰ মানুহটোৰ আগত কৈ পঠাওঁক আপুনি সৈন্যসামন্ত গোটাবৰ নিমিত্তে ৰাতি গাৱঁতে ৰ’ল।”

 পমীলাৰ এই কথাত লক্ষ্মীকান্তৰ মনত দুটি ভাব আহি উপস্থিত হ’ল। তেওঁৰ এক ভাব হ’ল যে তেওঁক যেতিয়াই বাপেকে নিজৰ গাওঁখন ৰক্ষা কৰিবলৈ এৰি থৈ গৈছে, তেনেস্থলত সেই গাওঁ এৰি ৰাতি আন ঠাইত থকাটো উচিত নহয়। তেওঁৰ দ্বিতীয় ভাব হ’ল যে তেওঁ যদি এই সুবিধাতে মনোমতীক চাই নলয় তেন্তে কিজানি তেওঁ আৰু এনে সুবিধা নেপায়েই। এই দুটি ভাবে তেওঁৰ মনক অস্থিৰ কৰিলে। কিন্তু তেওঁ যেতিয়া ভাবিলে যে মনোমতীক দেখা পোৱাৰ লগে লগে বৰনগৰীয়া বৰুৱাৰ ঘৰে সৈতে মিল হবৰ সম্ভৱ আছে আৰু তেওঁৰ পৰা তেৰ চৈধ্য হেজাৰ সৈন্যও পাবৰ আশা আছে; তেতিয়া, তেওঁৰ