পৃষ্ঠা:Manomati.pdf/৯৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯২
মনোমতী

 লক্ষ্মীকান্ত-—“মান সঁচাসঁচিকৈয়ে ভটিয়াই আহিছে। আমাৰ দেউতা পৰহিয়েই গ’ল। মইও কাইলৈ ৰণুৱা দুহেজাৰ লৈ যাব ওলাইছোঁ।”

 পমীলা—“আমাৰ বৰুৱাৰ দেখোন একো উমঘামেই নাই। মই এটা কথা খাটোঁ।”

 লক্ষ্মীকান্ত—“কি কথা কোৱাঁ।”

 পমীলা—“আপুনি আজি ঘৰলৈ উলটি যাব নালাগে। আমাৰ বৰুৱাৰ হাউলিলৈ আহক। তাতে যদি সুবিধা কৰিব পাৰোঁ আৰু আপুনি বেয়া নেপায়, মই মোৰ সখীক আপোনাক এবাৰ দেখুৱাম। নিশা চাই দাঁড় এঠাইত আমাৰ হউলিতে থাকিব। কালি প্ৰাতসতে মই আাপোনাক আমাৰ বৰুৱাৰ আগ কৰি দিম।”

 লক্ষ্মীকান্ত—“তোমালোকৰ বৰুৱাক আগকৰি দিয়াৰ নো উদ্দেশ্য কি?”

 পমীলা—“উদ্দেশ্য আছে। আমাৰ বৰ নগৰীয়া বৰুৱাৰ তেৰ চৈধ্য হেজাৰ বলবান কোঁচ সৈন্য আছে। বৰুৱা নিজে ভাল যুঁজাৰু বীৰ নহয়। আৰু তেওঁৰ সেই সৈন্যৰ সেনাপতি তিনিজনো সেই। আপুনি নিজে কৈছে আপুনি মানৰ লগত যুঁজ দিবলৈ যাব। যদি যুঁজ দিবলৈ যোৱা হয় বা ইয়াতে মানৰ হাতৰ পৰা আপোনালোকৰ গাওঁ ৰক্ষা কৰিবলৈ মান আহিলে ৰণ দিব খোজে তেন্তে আপুনি আপোনাৰ নিজৰ দুহেজাৰ সৈন্যৰ লগত আমাৰো তেৰ চৈধ্য হেজাৰ ৰণুৱা লগ কৰি লৈ যুঁজ দিয়ক। মই বৰ নগৰীয়া বৰুৱাক কৈ যেনে তেনে সৈন্য দিব পাৰিম।”