এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বৰনগৰীয়া বৰুৱাৰ হাউলিলৈ যাবলৈ ইচ্ছাটো বৰ বলবতী হ'ল। তেওঁ পমীলাৰ কথাৰ উত্তৰ দিবলৈ মন কৰোঁতেই চতুৰী পমীলায়ে কলে—“আহক!—কোনো চিন্তা নকৰিব। আপুনি ক’তো অথলত নেথাকে!” এই কথা কৈয়েই প্ৰমীলাই ডেকা বৰুৱাৰ লগৰ মানুহটো মাতি আনি কলে—“ককাই! তই ঘৰলৈ উলটি যা। আই মাতৃক কবিগৈ বপাই সৈন্যবিলাকক থুপ খুৱাই ৰাতিপুৱাই লৈ যাবৰ নিমিত্তে নিশাটো গাৱঁতে ৰল।” পমীলাৰ এই কথাত ডেকা বৰুৱাৰ সেই মানুহটো ঘৰলৈ উলটিল। ডেকা বৰুৱাই মন্ত্ৰমুগ্ধ (১) মেৰছাগৰ দৰে পমীলাৰ পাছে পাছে গ’ল। গড়াৰ আৰৰ পৰা শান্তিৰাম ভকত আহি লগ লাগিল আৰু তাৰ পাছত তিনিউ বৰনগৰীয়া বৰুৱাৰ হাউলিৰ ফালে বাট ললে।