সমললৈ যাওক

পৃষ্ঠা:Manomati.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 লক্ষ্মীকান্ত—“তুমিনো মনোমতীৰ সখীৰ যোগ্যা কেলেই হব নোৱাৰা? যাৰ সখীয়েকলৈ ইমান চেনেহ, সখীৰ সুখেই যাৰ সুখ, সখীৰ দুখেই যাৰ দুখ, এনে এজনী সখীনো মনোমতীৰ কেনেকৈ এলাগী হব? মোৰ বৰ ভাগ্য যে তোমাৰ নিচিনা এজনা গাভৰুৰ আগত মোৰ মনৰ দুখ কব পাৰিম।”

 পমীলা—“আপোনাৰ ধন, জন, যৌবন সকলো আছে। ইমানতোনো আপনাৰ দুখ কিহৰ?”

 লক্ষ্মীকান্ত—“অকল ধন-জনেই যদি মানুহক সুখী কৰিব পাৰিলেহেঁতেন তেন্তে সংসাৰত ভালেমান মানুহ সুখী হ’লহেঁতেন। কিন্তু কতা পৃথিবীত বালিচাঁহীৰ পৰা গজহস্তীলৈকে কেৱে দেখোন সুখী নহয়।”

 পমীলা—“আপোনাৰনো দুখৰ কাৰণ কি?”

 লক্ষ্মীকান্ত—“যদি শুনি বেজাৰ নোপোৱা তেন্তে কওঁ শুনা। ইমান দিনে মোৰ হৃদয়ত একো নাছিল; কিন্তু আাজি কিছুমান দিনৰ পৰা মোৰ অন্তৰখনত এটি মূৰ্ত্তিৰ চিন বহিছে। সেই চিন দেখোন মচা নেযায়। অতি যত্ন কৰিও দেখোন পাহৰিব নোৱাৰোঁ।”

 পমীলা—“আপুনি আগলৈ উঠি আহিছে; এই সময়ত অৱশ্যে কোনোবা প্ৰীতিৰ বস্তুৰ মূৰ্ত্তি আপোনাৰ হদয়ত অঙ্কিত হব পাৰে; কিন্তু মোকনো মতাৰ সকাম কি? মই জানো সেই মূৰ্ত্তি। আঁতৰাই দিব পাৰিম?”

 লক্ষ্মীকান্ত—“তোমাক লগপোৱাৰ সকামেই আহিছোঁ।