পৃষ্ঠা:Manomati.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তুমি মোক মূৰ্ত্তিটো মচি দিব নালাগে। মই অতি যতনেৰে তাক বুকুৰ তলিত লুকুৱাম।”

 পমীলা—(মিচিকিয়াই হাঁহি) “বাৰু সেই মূৰ্তিটোনো কাৰ কওকচোন।”

 লক্ষ্মীকান্ত—“যদি শুনাত বেজাৰ নোপোৱা তেন্তে কওঁ শুনা। সেই মূৰ্ত্তিটী তোমাৰ সখী মনোমতীৰ।”

 লক্ষ্মীকান্তৰ এই কথাত পমীলাই অলপ তললৈ মূৰ কৰিলে; তাৰ পাছত কলে—“ডাঙৰীয়া! আপুনি অলপ ভাবিচিন্তি কথা কব। আমি তিৰুতাজাতি সহজেই অজলা। অলপ কথাতে আমি ভোল যাওঁ। আমাক যেয়ে সেয়ে অলপ কথাতেই বশ কৰি শেহত দুখত পেলায়।”

 লক্ষ্মীকান্ত—“তুমি মোক শঠ বা প্ৰতাৰক বুলি বিবেচনা নকৰিবা। আকাশত চন্দ্ৰ সূৰ্য্য থাকে মানে এইটো বঢ়িয়াকৈ জানিবা লক্ষ্মীকান্তৰ কথাৰ লৰচৰ নহয়। ওপৰৰ দেৱতা সকলক মই আজি সাখি কৰিলোঁ এই জনম থাকে মানে মই মনোমতীত বাজে আন কাকো নাভাৱোঁ। যদি ইয়াৰ বিপৰীত কৰোঁ তেন্তে ইন্দ্ৰৰ চৰগ যেন মোৰ মূৰত পৰে।

 পমীলা—“ডাঙৰীয়া। আপুনি ইমান মহৎ অঙ্গীকাৰ কৰিব নেলাগিছিল। আপুনি নেজানেনে আপোনাৰ দেউতা আৰু আমাৰ বৰুৱা দুইৰো ভিতৰত মনোবাদ আছে। আপোনাৰ আৰু মোৰ সখীৰে জনসমাজৰ নিয়ম মতে বিয়া হব এইটো আশা কৰিব পাৰেনে? যদি নোৱাৰে, তেন্তে অনাহকতে আপোনাৰ