সমললৈ যাওক

পৃষ্ঠা:Manomati.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যোৰাৰ ভালেখিনি পলম হৈছিল। মান যে ইমান সোনকালে আহি পাব এই কথাৰ গম নেপাই হে আজি ডেকা বৰুৱাই একো শঙ্কা নকৰাকৈ বৰনগৰীয়া বৰুৱাৰ হাউলিৰ ওচৰলৈ আহিছিল।

 এইদৰে আহি যেতিয়া কদম গছৰ ওচৰ চাপিল তেতিয়া তেওঁ তেওঁৰ মানুহটোক অলপ আঁতৰত থাকিব দি পমীলাৰ কাষলৈ আহিল। বাটত আহোঁতে তেওঁ পেটতে অনেক কথাবতৰা আলচি আহিছিল; কিন্তু যেতিয়া পমীলাৰ ওচৰ চাপিল তেতিয়া তেওঁ লাজতে সকলোবিলাক কথা পাহৰিলে। কি কব, কেনেকৈ কথা বতৰা পাতিব তেওঁ ইয়াৰ একোকে থিৰ কৰিব নোৱাৰিলে। এনেতে তেওঁৰ ভাব বুজি চতুৰী পমীলাই মাত লগালে— “ডাঙৰীয়া! আপুনি মোক লগ পাব খুজিছিল নে?”

 লক্ষ্মীকান্ত—“এৰা।”

 পমীলা—“সকাম বা কি?”

 লক্ষ্মীকান্ত—“সকামৰ কথা কম। তুমিয়েই নে মনোমতীৰ সখী? ”

 পমীলা—“হয়।”

 লক্ষ্মীকান্ত—“মনোমতীৰ বৰ ভাগ্য যে তেওঁ তোমাৰ নিচিনা এজনী সখী পাইছে।”

 পমীলা—“মোৰ গাত এনে কোনো গুণ নাই যে মই মনোমতীৰ নিচিনা এজনা গাভৰুৰ সখীৰ যোগ্য হব পাৰোঁ। তেও যে তেওঁ মোক সখী বুলি মাতে এইটো তেওঁৰ মহতালিৰহে চিন।”